হজৰ পৰা উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰৰ নাথপাৰাস্থিত জগন্নাথ মন্দিৰৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ইয়ন বাহন আৰু ইটা ভৰ্তি বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

author-image
Asomiya Pratidin
New Update
dssdsdsdsd

হজৰ পৰা উভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, চাপৰঃ চাপৰৰ নাথপাৰাস্থিত জগন্নাথ মন্দিৰৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ইয়ন বাহন আৰু ইটা ভৰ্তি বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। উমৰাহ হজৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় ৪ জন লোক। 

Advertisment

দুৰ্ঘটনাৰ পাছতে ১০৮ মৃত্যুঞ্জয় সেৱাৰে ৪ জনকে বঙাইগাঁওৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে দুজন অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক আজাব উদ্দিন সেখ, মকবুল হুছেইন, খাইৰুল ইছলাম আৰু আকিনুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনৰে ঘৰ সাপটগ্ৰামৰ ৰাণীগঞ্জত।

উল্লেখযোগ্য যে, উমৰাহ হজ সম্পূৰ্ণ কৰি আজাব উদ্দিন সেখ বিমান যোগে উপস্থিত হৈছিল গুৱাহাটীত। গুৱাহাটীৰ পৰা দুই জোঁৱাই আকিনুৰ ইছলাম আৰু মোকবুল হুছেইনে চাৰিচকীয়া বাহনেৰে ঘৰ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ইফালে, প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱা ইটা ভৰ্তি বলেৰো বাহনখনৰ চালকসহ তিনিজন লোকে পলায়ন কৰে।

ঘটনাস্থলীত চাপৰ যান-বাহন আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰি দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকল চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাগ্ৰস্থ চাৰিচকীয়া ইয়ন বাহন খনৰ নম্বৰ AS17-J-1817 আৰু ইটাভৰ্তি বলোৰে ভেনখনৰ নম্বৰ AS17-B-3964 বুলি জানিব পৰা গৈছে।  

চাপৰ