উচ্ছেদস্থলীত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ যুৱকৰ দুৰ্ঘটনাত মৃত্যু

চাপৰৰ বহলপুৰ টটপাৰাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন স্কুটিৰ আৰোহী। নিহত যুৱকজন চিৰাং জিলাৰ আখিৰুল ইছলাম (১৯) বুলি জানিব পৰা গৈছে। 

author-image
Asomiya Pratidin
New Update
cxcxcxcxc

উচ্ছেদস্থলীত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ যুৱকৰ দুৰ্ঘটনাত মৃত্যু

ডিজিটেল সংবাদ, চাপৰঃ চাপৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। চাপৰৰ বহলপুৰ টটপাৰাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন স্কুটিৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন স্কুটিৰ আৰোহী। নিহত যুৱকজন চিৰাং জিলাৰ আখিৰুল ইছলাম (১৯) বুলি জানিব পৰা গৈছে। 

Advertisment

আনহাতে, একেখন স্কুটিৰ আনজন আৰোহী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়। আহত যুৱক জনৰ নাম মফিদুল ইছলাম বুলি জানিবলৈ দিয়ে। জানিব পৰা মতে, চিৰাং জিলাৰ পৰা এটা ৩০ জনীয়া যুৱকৰ দলে চাপৰৰ উচ্ছেদস্থলীত খাদ্য সামগ্ৰীৰ যোগান ধৰিবলৈ আহিছিল। আহি থকাৰ বাটতে দুৰ্ঘটনাত পতিত হয় এই যুৱক দুজন। দুৰ্ঘটনাগ্ৰস্থ স্কুটি দুখনৰ নম্বৰ ক্ৰমে এএছ০১-জিএইছ-৪৭০৪ আৰু এএছ১৯-ডি-৬৬৯৮। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল। 

চাপৰ