হাতত ধনু-কাড়ঁ লৈ কাজিৰঙাৰ পথাৰত এদল লোক

হাতত ধনু-কাড়ঁ লৈ কাজিৰঙাৰ পথাৰত এদল লোক

ডিজিটেল সংবাদ, কাজিৰঙা : মাঘ মাহৰ প্ৰথমটো দিনত হাতত ধনু-কাঁড় লৈ কাজিৰঙাৰ পথাৰত এদল লোক ৷ শাৰী পাতি কাঁড়ৰ লক্ষ্য কৰি লৈছে এডাল কলগছক ৷ প্ৰকৃততে এইয়া বেজা বিন্ধা উৎসৱ পালন চাওঁতালী সম্প্ৰদায়ৰ ৷

পহিলা মাঘৰ দিনটোতে কাজিৰঙাৰ গোঁসানীবৰৰ পথাৰত পালন কৰে পৰম্পৰাগত এই উৎসৱ ৷ বেজা বিন্ধা উৎসৱ প্ৰকৃততে ধনু-কাঁড়ৰ দ্বাৰা লক্ষ্যভেদৰ এক অনুষ্ঠান ৷ অতীজৰে পৰা প্ৰতিবৰ্ষৰে মাঘ মাহৰ প্ৰথম দিনা এই বেজা-বিন্ধা উৎসৱ চাওঁতালীসকলে পালন কৰি আহিছে ৷

উল্লেখ্য, প্ৰাচীন এই জনগোষ্ঠীটোৰ দুই বীৰ পুৰুষ সিদু আৰু কানুৰ স্মৃতিত এই উৎসৱ পালন কৰা হয় ৷ ভাৰতবৰ্ষত বৃটিছসকলৰ বিৰুদ্ধে ধনু-কাঁড়েৰে এই দুই বীৰে যুদ্ধ কৰিছিল বাবেই ধনু-কাঁড় লৈ চাওঁতালীসকলে আজিও পূৰ্ৱৰ স্মৃতি সুঁৱৰি যুগ যুগ ধৰি বেজা-বিন্ধা উৎসৱ পালন কৰি আহিছে ৷ আধ্যাত্মিক পৰম্পৰাৰে পূজা সেৱা কৰি এডোখৰ কলগছক লক্ষ্য কৰি কাঁড় নিক্ষেপ কৰে ভক্ত সকলে ৷ বিশ্বাস মতে যিজনে কলগছত শৰবিদ্ধ কৰিব পাৰে তেওঁৰ মংগল হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in