আমনিত চাওতাল জাতীয় সংগঠনৰ উমৈহতীয়া সভা...

চাওতাল আত্ম পৰিচয়ৰ লগতে জনজাতিকৰণৰ দাবী

author-image
Asomiya Pratidin
New Update
আমনিত চাওতাল জাতীয় সংগঠনৰ উমৈহতীয়া সভা...

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ আমনিস্থিত বহুমুখী কেন্দ্ৰত বুধবাৰে সদৌ অসম চাওতাল উন্নয়ন সন্থা, সদৌ অসম চাওতাল মাঝি মণ্ডল, সদৌ চাওতাল ছাত্ৰ সন্থা, অসম চাওতাল সাহিত্য পৰিষদকে ধৰি চাওতাল জনজাতীয় সংগঠনৰ এক উমৈহতীয়া বৈঠক অনুষ্ঠিত হয়।

Advertisment

চাওতাল উন্নয়ন সন্থাৰ সভাপতি দেৱজিত মাঝিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উক্ত সংগঠনৰ প্ৰতিনিধিয়ে সৰ্বসন্মত আলোচনাৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত বাস কৰা চাওতাল সকলৰ আত্ম পৰিচয় ঘূৰাই অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

চাওতাল সকলক চাহ জনজাতি, আদিবাসী আদি পৰিচয়ৰ পৰিৱৰ্তে চাওতাল হিচাপে আত্ম পৰিচয় দিয়াৰ লগতে চাওতাল সকলক জনজাতি হিচাপে মৰ্যাদা প্ৰদানৰো দাবী সভাত উত্থাপিত হয়।

অষ্ট্ৰিক গোষ্ঠীৰ অন্তৰ্গত চাওতাল সকলৰ পূৰ্বৰে পৰা অসমত নিজা পৰিচয় থকাৰ লগতে বৰ্তমান সময়ত এই পৰিচয় হেৰুওৱাৰ উপক্ৰম হোৱাৰ সন্দৰ্ভতো সভাত বিস্তৃত আলোচনা হয়।

নিজস্ব ভাষা, লিপি, সংস্কৃতিৰে ভৰপূৰ চাওতাল সকলক জাতিগত ভাৱে আন জনগোষ্ঠীৰ লগত সাঙুৰি দিলে চাওতাল সকলৰ অস্তিত্ব লাঘৱ হ'ব বুলিও সভাত মতপোষণ কৰে চাওতাল জাতীয় সংগঠনৰ প্ৰতিনিধি সকলে। সভাৰ সিদ্বান্ত মৰ্মে চাওতাল সকলৰ আত্ম পৰিচয় ৰক্ষা, জনজাতিকৰণৰ কৰাৰ লগতে চাওতাল জনগোষ্ঠীয় সংগঠনৰ যোগেদি জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত উক্ত সংগঠন কেইটাই উমৈহতীয়া ভাৱে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

চাওতাল জাতীয় সংগঠনৰ বিষয়ববীয়া অমল মাঝি, সুনিল হেমৰম, মহেশ্বৰ মুৰ্মু, ৰিমান চৰেন, ভোলানাথ মাঝি, বাপুৰাম বেচৰা, অপূৰ্ব হেমৰম, চুৰেণ হাকদাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০ গৰাকী বিভিন্ন চাওতাল জাতীয় সংগঠনৰ প্ৰতিনিধি সভাত উপস্থিত থাকে।

assam govt himanta biswa sama