/asomiyapratidin/media/media_files/2025/07/22/charaideu-2025-07-22-10-08-08.jpeg)
ডিজিটেল সংবাদ চৰাইদেউঃ বিশ্ব ঐতিহ ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত থকা আহোম স্বৰ্গদেউ চাওলুং চুকাফা মৈদামৰ উপযুক্ত সংৰক্ষণ তথা সৌন্দৰ্য বৰ্ধনৰ বাবে প্ৰায় এক কোটি ৮০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ হ’বলগীয়া চাৰি সীমাৰ পকী দেৱাল নিৰ্মাণত প্ৰয়োজন হোৱা মাটি স্বেচ্চাই এৰি দিবলৈ সন্মত হৈছে মৈদামত বেদখল কৰি থকা ১৩ টাকৈ পৰিয়ালে।
উল্লেখ্য যে, টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা ১ কোটি ৮০ লাখ টকাৰে চাওলুং চুকাফা মৈদামৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ বাবে আগবঢে়াৱা হৈছিল। ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কাৰ্যও সম্পন্ন হয় মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ উপস্থিতিত।
মনকৰিবলগীয়া যে, আহোম স্বৰ্গদেও চাওলুং চুকাফাৰ মৈদামৰ সীমাৰ দেৱাল নিৰ্মাণৰ বাবে প্ৰয়োজন হয় বৃহৎ পৰিসৰৰ ভূমি। কিন্তু উক্ত ভূমিত ইতিমধে ১৫ টাকৈ পৰিয়ালে ঘৰ-বাৰী, বাগিছা স্থাপন কৰি দখল কৰিছিল।
সংশ্লিষ্ট ১৫ টাকৈ পৰিয়াললৈ নাজিৰা ৰাজহ চক্ৰ বিষয়াই জাননী প্ৰেৰণ কৰি সোমবাৰে মৈদামস্থলিত আয়োজিত আলোচনালৈ নিমন্ত্ৰণ কৰিছিল। উক্ত আলোচনালৈ টাই আহোম কাউন্সিল, আটাছু, চাওলুং চুকাফা মৈদাম সংৰক্ষণ সমিতি, তৰ্পণ সমিতিৰ বিষয়ববীয়াকো নিমন্ত্ৰণ কৰা হয়।
সেইমৰ্মে চৰাইদেউ মৈদাম প্ৰাংগনত এক আলোচনা সম্পন্ন হয়।আয়োজিত আলোচনাখনৰ সঞ্চালনা কৰে বাকুপুখুৰী গাঁৱৰ গাঁওবুঢ়া ইন্দ্ৰেশ্বৰ কোঁৱৰে। আয়োজিত আলোচনাত পুৰাতত্ব বিভাগৰ কংকন শইকীয়া, স্থানীয় সমাজকৰ্মী জয় বৰা, বীৰেশ্বৰ বৰা, অম্লান বৰগোহাঁই, পৱিত্ৰ গগৈ, অতুল ৰাজকোঁৱৰ আদিয়ে বক্তব্য ৰাখে।
উল্লেখ্য যে, নাজিৰা ৰাজহ চক্ৰ বিষয়াই নিমন্ত্ৰণ জনোৱা মুঠ ১৫ টাকৈ পৰিয়ালৰ ১৩ টা পৰিয়ালেই আলোচনাত অংশগ্ৰহণ কৰে। আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদাম সংৰক্ষণৰ বাবে প্ৰয়োজন হোৱা ভূমি ১৩ পৰিয়ালে স্বেচ্চাই এৰি দিব বুলি ঘোষণা কৰে।
অৱশো ইয়াৰ বাবে ১৩ পৰিয়ালে প্ৰয়োজনীয় ক্ষতিপূৰণ লাভ কৰিব বুলি নাজিৰা ৰাজহ প্ৰশাসনে অৱগত কৰে। আনহাতে, আয়োজিত আলোচনাত অংশগ্ৰহণ নকৰা বাকী ২ টা পৰিয়াললৈ পুনৰ ভূমি এৰি দিবলৈ আহ্বান জনাই নাজিৰা প্ৰশাসনে পত্ৰ প্ৰেৰণ কৰিব বুলি জনা গৈছে।
আনহাতে পূৰ্বৰ দৰে প্ৰশাসনে সোপাঢিলা মনোভাৱ এৰি প্ৰকৃত এখন মেপ তৈয়াৰ কৰি ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান সচেতন ৰাইজৰ।