/asomiyapratidin/media/media_files/2025/04/05/tXLkVllWwPxUPDxdGOWk.jpg)
বাঢ়িছে গৰমৰ প্ৰকোপ
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৰাজ্যত গৰমৰ প্ৰকোপ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা মানকাচৰ জিলাতো বিদ্যালয়ৰ সময়সূচী সালসলনি কৰা হৈছে। জিলাখনৰ শিক্ষা বিভাগে সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকললৈ কেতবোৰ নিৰ্দেশনাৱলী প্ৰেৰণ কৰিছে৷
/asomiyapratidin/media/media_files/2025/06/13/soKrg4LF522A8cYTBCCi.jpeg)
সেই অনুসৰি শনিবাৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পুৱা ৭.৩০ বজাৰ পৰা ১২ বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যামিক বিদ্যালয়ত ৭.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ পাঠদানৰ বাবে সময় ধাৰ্য্য কৰা হৈছে। তাৰোপৰি ছাত্ৰ-ছাত্ৰীক যথাসম্ভৱ সেৰেঙাকৈ বহোৱা, যথেষ্ট পৰিমানে বিশুদ্ধ খোৱাপানী মজুত ৰখা, ছাত্ৰ-ছাত্ৰীক জোতা-মোজা পৰিধান কৰাতো বাধ্যতামূলক নকৰা আদি প্ৰয়োজনীয় নিৰ্দেশাৱলী প্ৰেৰণ কৰা হৈছে। জিলা শিক্ষা বিভাগে ধাৰ্য্য কৰা এই নিৰ্দেশনা পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে বাহাল থাকিব। দিনৰ ১০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত বিদ্যালয় সমূহত মধ্যাহ্ন ভোজনৰ আহাৰ ছাত্ৰ-ছাত্ৰীক দিয়াৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছে।
লক্ষণীয় যে, অহা ১৮ জুনৰ পৰা জিলাখনত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত তিনিমহীয়া মূল্যায়ণৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। দুঘণ্টীয়া মূল্যায়ণ পৰীক্ষাৰ বাবে দুটা শ্বিফ্টৰ ব্যৱস্থা কৰা হৈছে। পুৱা ৭.৩০ বজাৰ পৰা ৯ বজালৈ প্ৰথম শ্বিফ্টৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু পুৱা ১০ বজাৰ পৰা ১২ বজালৈ দ্বিতীয় শ্বিফ্টৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। একেদৰে, ১৬ জুনত ষষ্ট, সপ্তম আৰু দশম শ্ৰেনীৰ শিক্ষাৰ্থীৰ বাবে জিলাখনত মূল্যায়ন পৰীক্ষা চমুকৈ পেট (PAT) পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। আনহাতে তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ বাবে ১৭ জুনত পেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জিলা আঁচনি বিষয়া ৰাফিউল আলম আহমেদে জানিবলৈ দিছে।