/asomiyapratidin/media/media_files/2025/06/10/6sUMJIpF0J8caaLlLP6A.jpg)
ডিজিটেল সংবাদ, চৰাইদেউ : উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত চৰকাৰী আদেশ অনুসৰি চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে জিলাখনৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে ৷ জিলাখনৰ সকলো চৰকাৰী তথা ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহে মানিব লাগিব এই নিয়ম ।
নিৰ্দেশনা অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭-৩০ বজাৰ পৰা ১২-০০ বজালৈকে চলিব । একেদৰে উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈকে চলিব ।
আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৭-৩০ বজাৰ পৰা দুপৰীয়া ১-০০ বজালৈকে পাঠদান চলিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us