কাৰ্বি আংলং- কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি

বিবৃতি অনুসৰি এল পি স্কুলৰ সময় পুৱা ৭-৩০ৰ পৰা ১১-৩০ বজালৈ। এম ই স্কুলৰ পুৱা ৭-৩০ বজাৰ পৰা ১২-০০ বজালৈকে। আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পৰ্ব সময়সূচী পুৱা ৭-৩০ বজাৰ পৰা ১২ বজালৈকে চলিব ৷

author-image
Asomiya Pratidin
New Update
পাঠদানৰ সময়সূচী সলনি

ডিজিটেল সংবাদ, কাৰ্বি আংলং : উৎকট গৰমৰ বাবে মঙলবাৰে শিক্ষমন্ত্ৰী ডা০ ৰণোজ পেগুৱে জিলা আয়ুক্তসকললৈ এক নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাযোগে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী কিছু সাল- সলনি কৰাৰ বাবে নিৰ্দেশ দিয়ে।

Advertisment

শিক্ষামন্ত্ৰীৰ এই নিৰ্দেশনা মানি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ অধীনস্থ শিক্ষাবিভাগ অধীনস্থ দুইখন পাহাৰীয়া জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় সলনি কৰিছে। বিবৃতি অনুসৰি এল পি স্কুলৰ সময় পুৱা ৭-৩০ৰ পৰা ১১-৩০ বজালৈ। এম ই স্কুলৰ পুৱা ৭-৩০ বজাৰ পৰা ১২-০০ বজালৈকে। আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পৰ্ব সময়সূচী পুৱা ৭-৩০ বজাৰ পৰা ১২ বজালৈকে চলিব ৷

আনহাতে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰো পাঠদান অনুৰূপ ধৰণে চলিব। মঙলবাৰে ৰাজহুৱা কৰা এক বিবৃতিত উল্লেখ কৰে যে, অহা ১১ জুনৰ পৰা এল পি স্কুলৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১১-৩০ বজালৈকে চলিব। একেদৰে এম ই স্কুলৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা দিনৰ ১২-০০ বজালৈকে চলিব। আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদান পুৱা ৭-৩০ বজাৰ পৰা ১২-৩০ বজালৈকে চলিব।

school