চিন্তাৰ প্ৰয়োজন নাই, এতিয়াও চন্দ্ৰৰ কক্ষপথত সুকলমে আছে…

চিন্তাৰ প্ৰয়োজন নাই, এতিয়াও চন্দ্ৰৰ কক্ষপথত সুকলমে আছে…

author-image
asomiyapratidin
New Update
চিন্তাৰ প্ৰয়োজন নাই, এতিয়াও চন্দ্ৰৰ কক্ষপথত সুকলমে আছে…

ডিজিটেল ডেস্কঃ লেণ্ডাৰ বিক্ৰমৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে যদিও চন্দ্ৰৰ ৰহস্য ভেদৰ পৰা পিছ পৰি নৰয় ভাৰত। কিয়নো চন্দ্ৰৰ কক্ষপথত থকা চন্দ্ৰযান-২ৰ সৈতে সংলগ্ন আৰ্বিটাৰে আগন্তুক ১ টা বছৰৰ লৈকে চন্দ্ৰৰ বহু ৰহস্য ফাদিল কৰিব। এই আৰ্বিটাৰৰ সন্দৰ্ভত শনিবাৰে পুৱা প্ৰধানমন্ত্ৰীৰ ভাষণতো উল্লেখ কৰা হৈছিল।

দৰাচলতে চন্দ্ৰযান-২ৰ সৈতে সংলগ্ন আৰ্বিটাৰৰ ওজন হৈছে প্ৰায় ২৩৭৯ কেজি। এই আৰ্বিটাৰৰ জীৱনকাল হৈছে ১ বছৰ। এই আৰ্বিটাৰৰ জৰিয়তেই চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম আৰু ৰভাৰ প্ৰজ্ঞান সৈতে যোগাযোগ কৰে বিজ্ঞানীসকলে। ইছৰোৰ জনোৱা অনুসৰি বৰ্তমান এই আৰ্বিটাৰৰ সৈতে যোগাযোগ সম্পুৰ্ণৰূপে সুচল।

উল্লেখ্য যে, আৰ্বিটাৰৰ সৈতে সংলগ্ন আছে চন্দ্ৰক ডিজিটেল মডেল তৈয়াৰ কৰি আলোকচিত্ৰ গ্ৰহণ কৰিব পৰা মেপিং কেমেৰা। ইয়াৰ জৰিয়তেই চন্দ্ৰৰ সকলো প্ৰয়োজনীয় আলোকচিত্ৰ পৃথিৱীলৈ প্ৰেৰণ কৰে আৰ্বিটাৰে।