‘চন্দ্ৰযান-২ৰ কাহিনী অন্ত হোৱা নাই….’

‘চন্দ্ৰযান-২ৰ কাহিনী অন্ত হোৱা নাই….’

author-image
asomiyapratidin
New Update
‘চন্দ্ৰযান-২ৰ কাহিনী অন্ত হোৱা নাই….’

ডিজিটেল ডেস্কঃ 'চন্দ্ৰযান-২ৰ কাহিনীৰ অন্ত হোৱা নাই, আগলৈকো আমি অব্যাহত থাকিব চন্দ্ৰৰ বুকুচ চফট লেণ্ডিঙ কৰাৰ প্ৰচেষ্টা।' ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাৰ ৫০ বছৰ বৰ্ষপূৰ্তিৰ উপলক্ষে শনিবাৰে দিল্লীত আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰিলে সংস্থাটোৰ অধ্যক্ষ কে শিৱনে।

Advertisment

অনুষ্ঠানটোত কে শিৱনে লগতে কয় অহা কেইটামান মাহৰ ভিতৰতে আমি আৰু এটা উপগ্ৰহ চন্দ্ৰলৈ প্ৰেৰণ কৰিম। এই উপগ্ৰহে ভৱিষ্যতে মহাকাশ যাত্ৰাৰ সহায়ক হিচাপে বিবেচিত হব।' তেও লগতে কয়- সমূহ দেশবাসীয়ে চন্দ্ৰযান-২ বিষয়ে জানে। প্ৰযুক্তিগত তথা যান্ত্ৰিক দিশৰ বিজুতিৰ বাবে আমি বিক্ৰম লেণ্ডাৰক চন্দ্ৰপৃষ্ঠত চফট লেণ্ডিং কৰাব নোৱাৰিলো। কিন্তু এই যাত্ৰাৰ শেষ হৈছে বুলি কোনেও ভাৱি নলব।'

চন্দ্ৰযান-২ এই যাত্ৰাই আমাৰ হাতত বহু গুৰুত্বপূৰ্ণ তথ্য দিছে। আৰু সমূহ দেশবাসীক বিশ্বাসেৰে জনাও, এই ডাটাৰ বোৰৰ বাবেই ভৱিষ্যতে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই চন্দ্ৰপৃষ্ঠত সকুলমে অৱতৰণ কৰাব পাৰিব চন্দ্ৰযানৰ লগতে অন্যান্য সকলো উপগ্ৰহ।