/asomiyapratidin/media/media_files/2025/07/12/new-ap-web-3-4-2025-07-12-16-14-03.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ হাতীগেটত বন বিভাগৰ উদ্যোগত নিৰ্মিত এটা ইক' কেম্প আজি মুকলি কৰে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ১ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ইক' কেম্পটো।
বন মন্ত্ৰী গৰাকীয়ে ইক' কেম্পটোৰ সকলো সা-সুবিধাসমূহ পৰ্যবেক্ষণ কৰে। এই সময়ছোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,শোণিতপুৰ জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু বন বিভাগৰ ডি এ ফ অ, ই ডি চিৰ বিষয়ববীয়া সকলৰ লগতে ৰাইজে।