পঞ্চায়ত নিৰ্বাচনত বিজেপি-অগপ মাজৰ আসনৰ বুজাবুজি হ'বঃ চন্দ্ৰমোহন পাটোৱাৰী

গোলকগঞ্জ বিধানসভা সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদ বিজেপিৰ। গৌৰীপুৰ বিধানসভাৰ চাৰিটাকৈ জিলা পৰিষদৰ দুটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ বিপৰীতে দুটাকৈ জিলা পৰিষদ অগপ দলক এৰি দিব।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল সংবাদ, ধুবুৰীঃ  অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সোমবাৰে ধুবুৰীত উপস্থিত হৈ বিজেপি আৰু অগপৰ দলীয় কৰ্ম-কৰ্তা সকলৰ লগত এক বৈঠকত মিলিত হয়। আজিও মন্ত্ৰী গৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দক্ষিণ শালমাৰা আৰু মানকাচৰ জিলাৰ বিজেপি- অগপৰ দলীয় নেতৃবৰ্গৰ সৈতে ধুবুৰী জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এক বৈঠকত মিলিত হয়।

Advertisment

ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰত বিজেপি আৰু অগপ ৰ আসন বুজাবুজি হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, ধুবুৰীৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদ বিজেপিৰ। গৌৰীপুৰ বিধানসভাৰ চাৰিটাকৈ জিলা পৰিষদৰ দুটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলাৰ বিপৰীতে দুটাকৈ জিলা পৰিষদ অগপ দলক এৰি দিব।

ধুবুৰী বিধানসভা সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদ সমষ্টিৰ তিনিটাকৈ বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে অগপ দলক এৰি দিয়ে এটা আসন। দক্ষিণ শালমাৰা মানকাচৰ বিধানসভা সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদৰ দুটা বিজেপিয়ে আৰু দুটা আসন অগপক এৰি দিয়ে।

বীৰসিং জৰুৱা বিধানসভা সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদ সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা কৰিব।বিলাসীপাৰা বিধানসভাৰ সমষ্টিৰ চাৰিটাকৈ জিলা পৰিষদ সমষ্টিত বিজেপিয়ে অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব। আঞ্চলিক পঞ্চায়ত ক্ষেত্ৰতো আসনৰ বুজাবুজি দুয়োটা দলৰ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে।

গোলকগঞ্জ সমষ্টিত ২১ টাকৈ আঞ্চলিক পঞ্চায়তৰ ১৭ টাকৈ আঞ্চলিক পঞ্চায়তত বিজেপিয়ে আৰু চাৰিটা আঞ্চলিক পঞ্চায়ত অগপ দলক এৰি দিয়াৰ সিদ্ধান্ত লয় । গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৩ টাকৈ আঞ্চলিক পঞ্চায়তৰ ২৫ টাত বিজেপি আৰু ৮ টাকৈ আসনত অগপই প্ৰতিদ্বন্দিতা কৰিব। ধুবুৰী বিধানসভা সমষ্টিৰ ১৮ টাকৈ আঞ্চলিক পঞ্চায়তৰ ১৬ খনত বিজেপি আৰু দুখনত অগপ ই প্ৰতিদ্বন্দিতা কৰিব বুলিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে উন্নয়নৰ বতৰা লৈ ৰাইজৰ মাজলৈ যাব বুলি কৈ মন্ত্ৰী গৰাকীয়ে সংবাদমেলত কয় যে,  অসম চৰকাৰৰ বহু অভিলাষী আঁচনি বিশেষকৈ অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি সংখ্যালঘু ৰাইজেও পাইছে সেয়ে ধুবুৰী জিলাত এইবাৰ সংখ্যালঘূ ৰাইজে বিজেপিকহে ভোট দিব বুলি তেওঁ আশাবাদী।

চন্দ্ৰমোহন পাটোৱাৰী