/asomiyapratidin/media/media_files/2025/01/12/qFrzyGy5Ov5kXoAG38Vn.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ দেওবাৰে কামপুৰৰ পূৱ তেতেলীসৰা গাঁৱৰ ধৰ্মপৰায়ণ ব্যক্তি চন্দ্ৰকান্ত ভূঞাৰ নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । ৯২ বছৰ বসয়ত শেষ নিশ্বাস ত্যাগ কৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ কামপুৰৰ সাংবাদিক ৰূপ জ্যোতি ভূঞাৰ পিতৃ চন্দ্ৰকান্ত ভূঞাই ।
বিভিন্ন সামাজিক আৰু ধৰ্মীয় কামত জড়িত ভূঞাৰ বিয়োগৰ খবৰ বিয়পি পৰাত গুণমুগ্ধ সকল তেওঁৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । ভূঞাৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ বিৰাজমান হৈ পৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, তিনিগৰাকী জীয়ৰী, বোৱাৰী-নাতিসহ বহু আত্মীয় স্বজনক ইহ্ সংসাৰত এৰি থৈ যায় ।