/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/c3a93123-9bcc-40d6-9608-8db5bc44a2f0.jpg)
শনিবাৰে নিশা ১ বাজি ১৫ মিনিটৰ পৰা আনন্দ উল্লাহৰ মাজেৰে ঐতিহাসিক মুহুৰ্তৰ বাবে সাজু হৈছিল ইছৰ'ৰ সকলো কৰ্মচাৰী। চন্দ্ৰযান-২ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ এই বিৰল দিশ্য উপভোগ কৰিবলৈ নিশাই ইছৰ'ৰ কাৰ্যালয়ত উপস্থিত হৈছিলগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
চন্দ্ৰপৃষ্ঠ পোৱাৰ Fine braking phaseৰ লৈকে সকলো ঠিকে আছিল। কিন্তু এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ২৬.০১ মিনিটত হঠাতে নিমাওমাও পৰিৱেশে বিৰাজ কৰিলে ইছৰ'ৰ কাৰ্যালয়। উৎফুল্লিত মনেৰে কাম কৰি থকা সকলো কৰ্মচাৰীৰ মনত পৰিলক্ষিত হ'ল হতাশাৰ চিন। প্ৰায় ৬ মিনিট ধৰি ইছৰ'ৰ কন্ট্ৰল ৰুমৰ পৰা অহা নাছিল কোনো আপডেট।
চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ কেইমিনিটমান বাকী থকাৰ পূৰ্বে ইছৰ'ৰ কাৰ্যালয়ত বিৰাজ কৰা এই পৰিৱেশে সমগ্ৰ দেশবাসীক চিন্তিত কৰি তুলিছে। বৰ্তমানৰ লৈকে ইছৰ'ৰ কৰ্তৃপক্ষইয়ো কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।
চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিবলৈ মাত্ৰ কেই কিলোমিটাৰ মান বাকী থকা পূৰ্বেই বন্ধ হৈছিল লেণ্ডাৰ বিক্ৰমৰ লেণ্ডিং গ্ৰাফ। একেবাৰে শেষ পৰ্যায়ত থকা বিক্ৰমৰ লেণ্ডিং গ্ৰাফৰ কোনো সাল সলনি পৰিলক্ষিত নোহোৱাৰ পাছতে ইছৰ'ৰ অধ্যক্ষ কে শিৱনে প্ৰধানমন্ত্ৰী মোডীক কিছু কথা ব্যক্ত কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে বহি থকা কক্ষ ত্যাগ কৰি কাৰ্যালয়ৰ তললৈ নামি আহে। সমগ্ৰ দেশবাসী উৎকণ্ঠাত ডুব গৈ থকাৰ সময়তে ইছৰ'ৰ এই নিৰৱতাই বাৰুকৈয়ে চিন্তাত পেলাইছে দেশবাসীক।