হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে…VIDEO

হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে…VIDEO

author-image
asomiyapratidin
New Update
হতাশ নহ’ব, সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ সৈতে আছে…VIDEO

ডিজিটেল ডেস্কঃ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ মাত্ৰ ২.১ কিলোমিটাৰ বাকী থকাৰ সময়তে লেণ্ডাৰ বিক্ৰমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈছে।এই প্ৰক্ৰিয়া আৰম্ভ হোৱা ২৬.১ মিনিটৰ পৰাই ইছৰ'ৰ বিজ্ঞানীসকলে উমান পাইছিল এই আসোৱাহৰ।

Advertisment

ইছৰ'ৰ অধ্যক্ষ কে শিৱনে এই বিষয় সন্দৰ্ভত অৱগত কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। ইয়াৰ পিছতে নৰেন্দ্ৰ মোডীয়ে নিজৰ কক্ষৰ পৰা নামি আহি উপস্থিত থকা সকলো কৰ্মকৰ্তাক উৎসাহ প্ৰদান কৰি কয়, 'জীৱনত ঘাট প্ৰতিঘাট আহি থাকে। আপোনালোকৰ বৰ্তমানৰ লৈকে এই যাত্ৰা ইমান সহজ নহয়। দেশে আপোনালোকক লৈ গৌৰৱ কৰে। মই আশা কৰিছো পুনৰ যোগাযোগ স্থাপন হ'ব। মোৰ ফালৰ পৰা সকলোৰ লৈকে শুভকামনা। আপোনালোকে বিজ্ঞান আৰু মানৱ জাতিৰ কাৰণে ড়াঙৰ সেৱা আগবঢ়াই আছে। সাহসেৰে আগবাঢ়ক, দেশ আপোনালোকৰ লগত সদায় আছে।'

বিজ্ঞানীসকলেও এই উৎসাহ প্ৰদান কৰাৰ পাছতে ইছৰ'ৰ কাৰ্যালয়ত উপস্থিত থকা শিক্ষাৰ্থীসকলৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। ইয়াৰ পাছতে নিশা প্ৰায় ২.৩০ মিনিটত ইছৰ'ৰ মুথ্য কাৰ্যালয় ত্যাগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।