চন্দ্ৰবাবু নাইডুৰ নিৰ্দেশমৰ্মে ভংগ হ'ল ৱাকফ ব’ৰ্ড...

এই সিদ্ধান্তৰ পাছতে চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখন ৱাকফৰ সম্পত্তিৰ সুৰক্ষা আৰু পৰিচালনা আৰু সংখ্যালঘুৰ কল্যাণৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য সংখ্যালঘু কল্যাণ মন্ত্ৰী এন.এম. ফাৰুকৰ

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  চন্দ্ৰবাবু নাইডু নেতৃত্বাধীন অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বৰ ৱাই এছ আৰ কংগ্ৰেছ শাসনে গঠন কৰা ৰাজ্যিক ৱাকফ ব’ৰ্ড ভংগ কৰিছে। ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৪ৰ বিৰুদ্ধে চলি থকা বিভিন্ন বিসম্বাদৰ পটভূমিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Advertisment

৩০ নৱেম্বৰৰ আদেশত ৰাজ্য চৰকাৰে কয় যে ৱাই এছ আৰ চি শাসনে গঠন কৰা এ পি ষ্টেট ৱাকফ ব’ৰ্ড দীৰ্ঘদিন ধৰি (২০২৩ চনৰ মাৰ্চ মাহৰ পৰা) নিষ্ক্ৰিয় হৈ আছিল। তেতিয়া গঠিত ৱাকফ ব’ৰ্ডত মুঠ ১১ জন সদস্য আছিল, ইয়াৰে তিনিজন নিৰ্বাচিত হৈছিল আৰু বাকী আঠজনক মনোনীত কৰা হৈছিল।

 উল্লেখযোগ্য যে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে ৰাজ্যিক ৱাকফ ব’ৰ্ড গঠনৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰাৰ পিছত ২০২৩ চনৰ ১ নৱেম্বৰত ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ অধ্যক্ষৰ নিৰ্বাচন স্থগিত ৰাখিছিল।

অন্ধ্ৰ প্ৰদেশৰ চৰকাৰী আদেশত উল্লেখ কৰা হৈছে যে, মুখ্য কাৰ্যবাহী বিষয়া এ.পি. ৰাজ্যিক ৱাকফ ব’ৰ্ড, বিজয়াৱাদাই ব’ৰ্ডৰ দীৰ্ঘদিনীয়া অকাৰ্য্যকৰীতা আৰু গোচৰসমূহ সমাধান আৰু প্ৰশাসনিক শূন্যতা ৰোধৰ বাবে জিঅ’এম নং ৪৭ৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰা ৰিট আবেদন স্থগিত থকাৰ কথা চৰকাৰৰ দৃষ্টিগোচৰ হৈছে।

ইয়াৰ পিছত সংখ্যালঘু কল্যাণ বিভাগে কয় যে, সকলো দিশ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক ভালদৰে বিবেচনা কৰি ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ২০২৩ চনৰ ২১ অক্টোবৰৰ জি অ’ প্ৰত্যাহাৰ কৰিছে।

ইফালে সংখ্যালঘু কল্যাণ মন্ত্ৰী এন.এম. ফাৰুকে কয় যে মুখ্যমন্ত্ৰী এন. চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখন ৱাকফৰ সম্পত্তিৰ সুৰক্ষা আৰু পৰিচালনা আৰু সংখ্যালঘুৰ কল্যাণৰ প্ৰতি দায়বদ্ধ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৱাকফ ব’ৰ্ড হৈছে এক আইনী সত্তা। ইছলামিক আইন অনুসৰি ধৰ্মীয়, ধৰ্মপৰায়ণ বা দাতব্য উদ্দেশ্যত নিবেদিত ৱাকফৰ সম্পত্তি পৰিচালনা আৰু তদাৰক কৰাৰ বাবেই ৱাকফ ব’ৰ্ড গঠন কৰা হয় ।

চন্দ্ৰবাবু নাইডু