/asomiyapratidin/media/media_files/2025/01/23/u7zz7ZoBvCqL4PA7U78t.jpg)
উগ্ৰতাৰা দেৱালয়ত চন্দ্ৰ মুদৈৰ 'গমন'ৰ টীজাৰ মুকলি
ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে প্ৰসিদ্ধ চিনেমা পৰিচালক চন্দ্ৰ মুদৈৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত নৱতম অসমীয়া চিনেমা 'গমন'ৰ টীজাৰ মুকলি কৰা হয়। এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটীৰ উগ্ৰতাৰা দেৱালয়ত ছবিখনৰ টীজাৰ মুকলি কৰা হয়। অসমৰ প্ৰসিদ্ধ কবি নীলিম কুমাৰ, অধিবক্তা বিজন মহাজন আৰু ক্ৰীড়া সংগঠক কৈলাশ শৰ্মাৰ উপস্থিতিত পূজা অৰ্চনাৰ অন্তত টীজাৰটি মুকলি কৰা হয়।
/asomiyapratidin/media/media_files/2025/01/23/73kTMbe8dwSWeS81aBt0.jpg)
উল্লেখযোগ্য যে ডি.কে.ফিল্মছৰ বেনাৰত যতীন্দ্ৰনাথ খনিকৰৰ প্ৰযোজনাৰে নিৰ্মিত চিনেমাখনত অভিনয় কৰিছে যতীন্দ্ৰনাথ খনিকৰ, দিব্যজ্যোতি দাস, অমৃতা গগৈ, অমূল্য কুমাৰ, গৌতম চৌধুৰী, প্ৰশান্ত গোস্বামী, ছাজু আহমেদ, আৰতি কলিতা আদিয়ে। এটি বিশেষ চৰিত্ৰ ৰূপায়ণ কৰিছে শিশু অভিনেতা সাক্ষিৎ ওম শৰ্মাই। অহা ১৪ মাৰ্চ ২০২৫ত চিনেমাখন মুক্তি দিয়া হ'ব বুলি প্ৰযোজকে জানিবলৈ দিছে ।