শিৱসাগৰত ভাওনাৰ সাজ পৰিধান কৰি চান্দা সংগ্ৰহঃ উত্তৰ প্ৰদেশৰ তিনিজনক গণ প্ৰহাৰ...

shivsagar
shivsagar

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ ষ্টেচন চাৰিআলিৰ বি জি ৰোডত আজি দিনদুপৰতেই সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা ৷ ব্যস্ততম অঞ্চলটোৰ একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা অসমীয়া জাতিৰ অতিকে আদৰৰ ভাওনাৰ সাজ পৰিধান কৰা তিনিজন ব্যক্তিয়ে বলপূৰ্বক চান্দা বিচৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

উত্তেজিত ৰাইজে আদৰৰ ভাওনাৰ সাজপাৰক অপমান কৰাৰ অভিযোগ তুলি তিনিও চান্দা সংগ্ৰহকাৰীক উত্তম মাধ্যম শোধায় ৷ প্ৰাপ্ত বাতৰি মতে আজি দুপৰীয়া ১২ মান বজাত সংঘটিত হৈছে এই ঘটনা ৷

ইতিমধ্যে সমগ্ৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ প্ৰথম অৱস্থাত এই ঘটনা জিলাখনৰ বাহিৰৰ বুলি সন্দেহ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ভিডিঅ'ত প্ৰকাশ পোৱা স্থানটো চিনাক্ত কৰাৰ লগতে একাংশ স্থানীয় ব্যৱসায়ীয়ে এইয়া আজিৰ দিনৰ ভাগৰ ঘটনা বুলি প্ৰকাশ কৰে ৷

অৱশ্যে শিৱসাগৰ সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত কোনো ৰিপ'ৰ্ট হোৱা নাই বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে সাইলাখ ভাওনাৰ ভাৱৰীয়াৰ সাজত অহা উত্তৰ প্ৰদেশৰ ব্যক্তি কেইগৰাকীয়ে কেইবাখনো প্ৰতিস্থানৰ পৰা চান্দা বিচৰাৰ পিছতেই স্থানীয় যুৱকসকলৰ সন্দেহ হয় ৷

লগে লগে স্থানীয় যুৱকসকলে ব্যক্তি কেইজনক কিয় অসমীয়াৰ আদৰৰ ভাওনাৰ সাজজোৰক অপমান কৰিছে বুলি প্ৰশ্ন কৰে ৷ কিন্তু ব্যক্তি কেইজনে অসমীয়াৰ পৰিৱৰ্তে হিন্দী ভাষাত উত্তৰ দিয়াত যুৱকসকল উত্তেজিত হৈ তিনিজনীয়া চান্দা সংগ্ৰহকাৰী দলটোক প্ৰচণ্ড মাৰধৰ কৰে ৷

ইয়াৰ পিছতেই স্থানীয় যুৱকসকলে ব্যক্তি কেইজনক সেইস্থানত আৱদ্ধ কৰি ৰখাৰ চেষ্টা চলাইছিল যদিও পৰৱৰ্তী সময়ত তেওঁলোকে পলায়ন কৰে ৷ এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে জাতিটোৰ সৰ্বোস্ব সন্মান আৰু আদৰৰ সাজ জোৰক অপমান কৰা তিনি ব্যক্তিক তাৎক্ষণিক ভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ প্ৰতি ৰাইজে আহব্বান জনাইছে ৷

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in