/asomiyapratidin/media/media_files/2025/03/09/Pv5gWleOZsyeqw6qgPgL.jpg)
ind vs nz
ডিজিটেল ডেস্ক : এখোজ- দুখোজকৈ আগবাঢ়ি টীম ইণ্ডিয়া উপস্থিত হৈছে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ দুৱাৰডলিত। জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা ৰোহিত বাহনীৰ সন্মুখত আৰু এটা ট্ৰফী জয়ৰ সুবৰ্ণ সুযোগ।
টি-২০ বিশ্বকাপ জয়ৰ এবছৰ নৌহঁতেই আহিছে এই সুযোগ। গতিকে কোনোপধ্যেই এই সুযোগৰ পৰা বঞ্চিত হ’ব নোৱাৰা টীম ইণ্ডিয়াই ৰচিছে বিশেষ ৰণকৌশল। মৰুৰ দেশত নিউজিলেণ্ডক বধ কৰি খিতাপ জয় কৰাই এতিয়া একমাত্ৰ আৰু মূল লক্ষ্য টীম ইণ্ডিয়াৰ !
/asomiyapratidin/media/media_files/2025/03/09/IG0oxXpw8mG8aJ8hCOgA.jpg)
আৰম্ভ হৈছে প্ৰহৰ গণনা। মৰুৰ দেশ ডুবাইত আজি বিয়লি ২-৩০ বজাত অনুষ্ঠিত হ’ব আই চি চিৰ সন্মানীয় প্ৰতিযোগিতা চেম্পিয়ছ ট্ৰফীৰ ফাইনেল মেচ। এক প্ৰকাৰ মিনি বিশ্বকাপ এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাৰ চূড়ান্ত মেচত অৱতীৰ্ণ হ’ব বিশ্ব ক্ৰিকেটৰ দুই শক্তিধৰ ভাৰত আৰু নিউজিলেণ্ড। চলিত চেম্পিয়নছ ট্ৰফীৰ প্ৰতিখন মেচতে উভয় দলে উমান দিছে নিজ নিজ শক্তিৰ। বেট- বল আৰু ফিল্ডিঙৰে বেছ শক্তিশালী নিউজিলেণ্ড।
দলটোৰ বেটঙত আছে গভীৰতা। ৫গৰাকীকৈ বেটাৰ আছে সুন্দৰ ফৰ্মত। ৰাচীন ৰবীন্দ্ৰ, কেন উইলিয়ামছন, টম লাথামসহ ৫গৰাকী বেটাৰে খেলিছে শতকীয় ইনিংছ।
তাৰোপৰি পেচ বলিং আৰু স্পীন আক্ৰমণতো আছে কেইবাগৰাকী আক্ৰমণাত্মক বলাৰ। দলটোত আছে গ্লেন ফিলিপছৰ দৰে ফিল্ডাৰ। যিয়ে অকলে ২০-২৫ ৰান ৰক্ষা কৰিব পৰা ক্ষমতা আছে।
/asomiyapratidin/media/media_files/2025/03/09/jtkYehqXpiL6FrZ5pfD6.jpg)
মুঠৰ ওপৰত সকলো দিশৰ পৰা শক্তিশালী নিউজিলেণ্ড আণ্ডাৰ ডগ । সেয়াই দলটোৰ অন্যতম যোগাত্মক দিশ। যিটো ভাৰতৰ বাবে হ’ব পাৰে চিন্তাৰ কাৰণ !
উল্লেখযোগ্য যে নিউজিলেণ্ডৰে আছে ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক। কিৱি বাহিনীৰে ভাৰতৰ নাই কোনো শত্ৰুতা। কিৱি বাহিনীক সকলোৱে সমীহ কৰে। কিয়নো বিতৰ্কৰ পৰা এশ মাইল নিলগত থকা নিউজিলেণ্ডে জয় হ’লও নকৰে অতিমাত্ৰা উল্লাস। অথবা পৰাজয় হ’লেও নকৰে কাকোৱে দোষাৰোপ। আণ্ডাৰ ডগ হিচাপেই প্ৰতিখন মেচত অৱতীৰ্ণ হয় দলটো।
/asomiyapratidin/media/media_files/2025/03/09/Pj72LybiniSIg0mfK2Ur.webp)
ইফালে ভাৰতৰ শক্তিও কোনো গুণে কম নহয়। বেটিং আৰু বলিঙৰে বেচ শক্তিশালী ভাৰত। ৰোহিত, গীল, বিৰাট, শ্ৰেয়াছ, কে এল ৰাহুলৰে গঠিত বেটিং লাইন।
পেচ আক্ৰমণ চম্ভালিব মহম্ম ছামীয়ে। ছামীৰ সংগী হ’ব হাৰ্ডিক পাণ্ডিয়া। একেদৰে স্পীন চম্ভালিব জাডেজাই। মূল সহযোগী হিচাপে থাকিব ৰহস্যময় বলাৰ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱ। অৱশ্যে বৰুণৰ ওপৰত দৃষ্টি থাকিব সকলোৰে।
ডুবাইৰ স্পীনবান্ধৱ পিটছত ভাৰতীয় স্পীনাৰে আধিপত্য বিস্তাৰ কৰিব পাৰিল ট্ৰফী ভাৰতৰ হাতত। গতিকে নিউজিলেণ্ডৰ বেটাৰসকলৰ বাবেও ভাৰতীয় বলাৰ হ’ব চিন্তাৰ কাৰণ। আনহাতে ভাৰতৰ বেটাৰৰ বাবেও চিন্তাৰ কাৰণ হ’ব প্ৰতিপক্ষৰ স্পীন আক্ৰমণ। কাৰ্যতঃ নীৰৱ ঘাতক নিউজিলেণ্ডৰ সন্মুখত আজি শক্তিশালী ভাৰতৰ হ’ব অগ্নিপৰীক্ষা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us