চেম্পিয়নছ ট্ৰফী : কেতিয়া আৰু কাৰ লগত আছে ভাৰতৰ মেচ, চাওক সবিশেষ...

গ্ৰুপৰ মেচসমূহ সমাপ্ত হোৱাৰ পাছতে ৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব ছেমি ফাইনেল মেচ। প্ৰতিযোগিতাখনত দুখন ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব। প্ৰথমখন ৪ মাৰ্চত হোৱাৰ বিপৰীতে দ্বিতীয়খন হ’ব ৫ মাৰ্চত।

author-image
Asomiya Pratidin
New Update
কেতিয়া আৰু কাৰ লগত আছে ভাৰতৰ মেচ

কেতিয়া আৰু কাৰ লগত আছে ভাৰতৰ মেচ

ডিজিটেল ডেস্ক : হাতত মাত্ৰ আৰু কেইটামান দিন। অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আই চি চিৰ সন্মানীয় চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা। 

Advertisment

এই প্ৰতিযোগিতাত বিশ্ব ক্ৰিকেটৰ আঠটা দলে অংশ ল'ব। ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলে ৰচনা কৰিছে সুকীয়া সুকীয়া ৰণকৌশল। 

ইফালে অতি শেহতীয়াকৈ আই চি চিয়ে ঘোষণা কৰিছে চেম্পিয়ছ ট্ৰফীৰ প্ৰাইজমানি। খিতাপ জয় কৰা দলে লাভ কৰিব প্ৰায় ১৯ কোটি টকা। তাৰোপৰি ৰানাৰ্ছ আপ আৰু ছেমি ফাইনেলত পৰাস্ত হোৱা দল লৈও আগবঢ়াব শকত ধন।

আই চি চিয়ে প্ৰকাশ কৰা সূচী অনুসৰি ১৯ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ'ব চেম্পিয়নছ ট্ৰফীৰ মেচ। উদ্বোধনী মেচখনত ভাগ ল'ব আয়োজক পাকিস্তান আৰু নিউজিলেণ্ডে।

এতিয়া চাও আহক চেম্পিয়নছ ট্ৰফীত ভাৰতে কেতিয়া আৰু কাৰ বিৰুদ্ধে খেলিব মেচ-

  • ২০ ফেব্ৰুৱাৰীঃ ভাৰত বনাম বাংলাদেশ।
  • ২৩ ফেব্ৰুৱাৰীঃ ভাৰত বনাম পাকিস্তান।
  • ২ মাৰ্চঃ ভাৰত বনাম নিউজিলেণ্ড।

উল্লেখযোগ্য যে গ্ৰুপ পৰ্যায়ৰ ৩খন মেচত ভাগ ল’ব ৰোহিত শৰ্মা নেতৃত্বধীন টীম ইণ্ডিয়াই। গ্ৰুপৰ মেচসমূহ সমাপ্ত হোৱাৰ পাছতে ৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব ছেমি ফাইনেল মেচ। প্ৰতিযোগিতাখনত দুখন ছেমি ফাইনেল মেচ অনুষ্ঠিত হ’ব। প্ৰথমখন ৪ মাৰ্চত হোৱাৰ বিপৰীতে দ্বিতীয়খন হ’ব ৫ মাৰ্চত। আনহাতে ৯ মাৰ্চত ফাইনেল মেচ অনুষ্ঠিত হ’ব।

ICC Champions Trophy