/asomiyapratidin/media/media_files/2025/02/15/sUz1zB3zaBMk41BOHE6f.jpg)
চেম্পিয়নছ ট্ৰফীৰ প্ৰাইজমানি ঘোষণা
ডিজিটেল ডেস্ক : বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে ঘোষণা কৰিছে আসন্ন চেম্পিয়নছ ট্ৰফীৰ প্ৰাইজমানি। চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰা দলে কিমান টকা লাভ কৰিব, ৰানাৰ্ছ আপ দলে কিমান পাব সেয়া ঘোষণা কৰিছে আই চি চিয়ে।
আই চি চিৰ উদ্যোগত আয়োজিত সন্মানীয় চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰা দলে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ। ভাৰতীয় মুদ্ৰাৰ হিচাপত ইয়াৰ পৰিমাণ হ’ব প্ৰায় ১৯.৫০ কোটি টকা। একেদৰে ৰানাৰ্ছ আপ দলটোৱে পাব ১.১২ মিলিয়ন ডলাৰ অৰ্থাৎ ১০ কোটি টকা।
ইয়াৰ উপৰি ছেমি ফাইনেলত পৰাস্ত হোৱা দলে দুটাই ৫ লাখ ৬০ হেজাৰ ডলাৰকৈ লাভ কৰিব। ইফালে চেম্পিয়নছ ট্ৰফীত অংশ লোৱা আঠটা দলকেই ১ লাখ ২৫ হাজাৰ ডলাৰকৈ আগবঢ়াব আই চি চিয়ে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ আগয়ে ২০১৭ চনত অনুষ্ঠিত হৈছিল চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতা। এই সুদীৰ্ঘ ৮ বছৰৰ পাছত হ’ব লগা প্ৰতিযোগিতাখনত পূৰ্বতকৈ ৫৩ শতাংশ প্ৰাইজমানি বৃদ্ধি কৰা হৈছে।