চেম্পিয়নছ ট্ৰফী : বাংলাদেশৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় টীম ইণ্ডিয়াৰ

বেটে- বলে পৰাক্ৰম দেখুৱাই টীম ইণ্ডিয়াই জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী অভিযান। বৃহস্পতিবাৰে ডুবাইত অনুষ্ঠিত মেচখনত বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ভাৰতে।

author-image
Asomiya Pratidin
New Update
ind vs ban

ind vs ban

ডিজিটেল ডেস্ক : বেটে- বলে পৰাক্ৰম দেখুৱাই টীম ইণ্ডিয়াই জয়েৰে আৰম্ভ কৰিছে চেম্পিয়নছ ট্ৰফী অভিযান। বৃহস্পতিবাৰে ডুবাইত অনুষ্ঠিত মেচখনত বাংলাদেশৰ বিৰুদ্ধে ৬ উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে ভাৰতে।

Advertisment

এই বিজয়ৰ মূলতে ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিং আক্ৰমণ আৰু সহঃ অধিনায়ক শুভমন গীলৰ সংগ্ৰামী শতক। বলিং সহায়ক পিটছখনত বাংলাদেশৰ বেটাৰৰ দৰে ভাৰতীয় বেটাৰসকলেও প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও শুভমন গীল (১০১) আৰু কে এল ৰাহুল (৪১) ৰানৰ দৃঢ়তাপুৰ্ণ বেটিঙে দলৰ বিজয়ত অন্যতম ভূমিকা পালন কৰে।

gill
gill

 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে পোনতে বেট ধৰি বাংলাদেশে নিৰ্ধাৰিত অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২২৮ ৰান সংগ্ৰহ কৰিছিল। বাংলাদেশৰ উইকেট পতনৰ মূলতে মহম্মদ ছামী আৰু হৰ্ষিত ৰাণাৰ বিস্ফোৰক বলিং আক্ৰমণ। ছামীয়ে ৫টা উইকেট দখল কৰাৰ বিপৰীতে হৰ্ষিত ৰাণাই লাভ কৰে ৩টা উইকেট। ইয়াৰ উপৰি অক্ষৰ পেটেলে লাভ কৰে ২টা উইকেট।

ind vs ban