ছয়দুৱাৰত সদৌ অসম মইনা পাৰিজাতৰ দ্বি-বাৰ্ষিক আন্তঃদ্বাৰ ক্ৰীড়া সমাৰোহ

সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গহপুৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগত তৃতীয় দ্বি-বাৰ্ষিক আন্তঃদ্বাৰ ক্ৰীড়া সমাৰোহ ৫ আৰু ৬ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 

author-image
Asomiya Pratidin
New Update
mmmmmmm

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি গহপুৰ জিলা মইনা পাৰিজাতৰ উদ্যোগত ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহযোগত তৃতীয় দ্বি-বাৰ্ষিক আন্তঃদ্বাৰ ক্ৰীড়া সমাৰোহ ৫ আৰু ৬ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 

Advertisment

১৯ খন জিলা সমিতিৰ প্ৰায় ২০০ মইনা প্ৰতিযোগী আৰু পৰিচালক,পৰিচালিকাই অংশগ্ৰহণ কৰা ক্ৰীড়া প্ৰতিযোগিতাখনৰ আৰম্ভণিৰ পূৰ্বে গছপুলি ৰোপণ কাৰ্য্যসূচী পালন কৰা হয়। এই কাৰ্যসূচী ৰূপায়ন কৰে সমাজকৰ্মী বকুল গগৈয়ে। ইয়াৰ পাছতে সদৌ অসম মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰে উপসভাপতি প্ৰফুল্ল বৰাই। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে গহপুৰ জিলা মইনা পাৰিজাতৰ সভাপতি মহেন্দ্ৰ গগৈয়ে। স্মৃতি তৰ্পন কৰে সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা বীৰেন শইকীয়া আৰু উপ-সভাপতি পুলিন কাকতিয়ে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা ডবা আৰু বেডমিণ্টন প্ৰতিযোগিতা উদ্বোধন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০ বিপুল শইকীয়াই।

৬ জুলাইৰ দিনা অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা বিতৰণী সভাখন পৰিচালনা কৰে সদৌ অসম মইনা পাৰিজাতৰ উপসভাপতি পুলিন কাকতিয়ে আৰু সভা খনিৰ আঁত ধৰি উদ্দেশ্য বাখ্যা কৰে সহ সম্পাদক দ্বীজেন বৰাই। সভাত আদৰণী ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কিশোৰ সিং ৰাজপুতে। সভাত মইনা অতিথি হিচাবে উপস্থিত থাকে খুচবু পৰাজুলি, মুখ্য অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি তথা শিশু মহিয়ান জীতেন ভাগৱতী, প্ৰাক্তন উপসভাপতি তথা শিশু মহিয়ান দৰঙৰ জীতেন ভাগৱতী।

সভাত সদৌ অসম মইনা পাৰিজাতৰ উপদেষ্টা প্ৰদীপ হাজৰিকা ,উপসভাপতি প্ৰফুল্ল বৰা, সম্পাদক বীৰেন কলিতা, শিশু মহিয়ান ললিত মহন্ত। প্ৰয়াত শিক্ষাবিদ,শিশুপ্ৰেমী,কৃতী শিক্ষক দিনেশ্বৰ ভূঞা সোঁৱৰণীত মনোৰমা ভূঞাই দাতা হিচাপে আগবঢ়োৱা স্মৃতিগ্ৰন্থ ক্ৰীড়াঙ্গন উন্মোচন কৰে কনকলতা ন্যাস সমিতিৰ সভাপতি তথা কনকলতাৰ ভতিজা অভিজিত বৰুৱাই। জয়ন্ত পূজাৰীৰ সম্পাদনাত প্ৰকাশ পোৱা অহা পাৰিজাত সংবাদ উন্মোচন কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কিশোৰ সিং ৰাজপুতে। অনুষ্ঠানত সকলোৱে সহযোগিতা কৰি সফল কৰি তোলা বাবে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জোনমনি শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল বৰাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।

 

মইনা পাৰিজাত ছয়দুৱাৰ