/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী: অল ইণ্ডিয়া ইউনিয়ন বেংক এম্প্লয়ীজ ফেডাৰেচন (AIUBEF) ৰ আহ্বানত ৰাজ্যিক শাখা ইউনিয়ন বেংক এম্প্লয়ীজ ইউনিয়ন (উত্তৰ-পূব)ৰ দ্বাৰা দেওবাৰে গুৱাহাটীৰ চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ইউনিয়ন বেংক অৱ ইণ্ডিয়া কর্তৃপক্ষক অস্থায়ী/দৈনিক মজুৰিৰ কৰ্মচাৰীৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আৰু তেওঁলোকৰ সেৱা নিয়মীয়াকৰণ, চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত ন্যূনতম দৰমহা প্ৰদান আৰু বানচ প্ৰদানৰ দাবী জনোৱা।
আজিৰ ধৰ্ণা কাৰ্যসূচীত অসমৰ বিভিন্ন স্থানৰ দৈনিক মজুৰিৰ কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। কিছুমান অংশগ্ৰহণকাৰী তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ সৈতে উপস্থিত হৈছিল। পুৱা ১০ বজাত ড° ভীম ৰাও আম্বেদকাৰৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মাধ্যমেৰে এই ধৰ্ণা আৰম্ভ হয়। অনুষ্ঠানৰ প্ৰাৰম্ভিক ভাষণ দিয়ে ইউনিয়ন বেংক এম্প্লয়ীজ ইউনিয়ন (NER)-ৰ সাধাৰণ সম্পাদক কম. চিৰঞ্জীৱ বাউলে।
ধৰ্ণাত বেংক এম্প্লয়ীজ ফেডাৰেচন (NER)-ৰ শীৰ্ষ নেতা কম. নৰেন শৰ্মা (সভাপতি), কম. দিৱাকৰ বৰ্মন আৰু কম. মনোজ ৰায়ে (উপসভাপতি) প্ৰদৰ্শনকাৰীৰ উদ্দেশ্যে বক্তব্য ৰাখে। তেওঁলোকে উল্লেখ কৰে যে, ইউনিয়ন বেংকে ২০১৪ চনৰ পৰা হাউচকীপাৰ-কাম-পিঅ’ন পদত কোনো নিযুক্তি নিদিয়াৰ ফলত শাখাসমূহত দৈনিক মজুৰিৰ কৰ্মচাৰী অনিয়মীয়া হৈ আছে।
আনহাতে চৰকাৰীভাৱে নিৰ্ধাৰিত ন্যূনতম মজুৰি তেওঁলোকক নিদিয়াৰ বাবে অস্থায়ী কৰ্মচাৰীসকল শোষণৰ বলি হৈছে। নেতাসকলে বেংক কৰ্তৃপক্ষক তীব্ৰ ভাষাত সমালোচনা কৰি অস্থায়ী কৰ্মচাৰীৰ ন্যায়সঙ্গত দাবী অনতিপলমে মানি লোৱাৰ আহ্বান জনায়।
উল্লেখ্য যে, AIUBEF ৰ বিভিন্ন ৰাজ্যিক শাখাই ১৪ এপ্ৰিলত ড° আম্বেদকাৰৰ জন্মদিন উপলক্ষে দেশজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও, বিহুৰ বাবে উত্তৰ-পূব শাখাই আজি এই কাৰ্যসূচী পালন কৰে। ইউনিয়নে ঘোষণা কৰে এই অস্থায়ী আৰু বঞ্চিত কৰ্মচাৰীসকলৰ ন্যায় নোপোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব।