চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন: সন্মিলনৰ মুখপত্ৰ জ্যেষ্ঠপ্ৰভা উন্মোচন

চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱস উদযাপন: সন্মিলনৰ মুখপত্ৰ জ্যেষ্ঠপ্ৰভা  উন্মোচন
Published on
Updated on

ডিজিটেল সংবাদ, বেবেজীয়া: মহানগৰীত অৱস্থিত বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নৱম প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তথা হোজাই মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুমুদেশ্বৰ শৰ্মাই ৷ স্মৃতি তৰ্পন কৰে সন্মিলনৰ কাৰ্যকৰী সভাপতি ৰবীন বৰদলৈয়ে ৷

ইয়াৰ পিচতে জ্যেষ্ঠ নাগৰিকসকলক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ উপস্থিত জ্যেষ্ঠ নাগৰিকসকলে নিজৰ জীৱনৰ কিছু উল্লেখনীয় ঘটনাৰে অনুষ্ঠানটো ৰসাল কৰি তোলে। প্ৰতিষ্ঠা দিৱস উপলক্ষে বিয়লি ৩ বজাত চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্য্যালয়ৰ ৰৱীন্দ্ৰ নাথ দাস সভাগৃহত মুকলি সভা সন্মিলনৰ সভাপতি কুমুদেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

উপস্থিত সকলোকে শুভ আদৰণি জনাই ড° নব নাহৰ ডেকাই ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই সন্মিলনৰ সম্পাদক ডা° বুধিন শইকীয়াই।জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বিশেষ আৰম্ভণি গীতেৰে সভাৰ শুভাৰম্ভ হয় ৷

মুকলি সভাত স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক ভূপাল চক্ৰবৰ্ত্তী আৰু হেমকান্ত দাসক ফুলাম গামোছা আৰু ফুলৰ তোৰাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ সন্মিলনৰ মুখপত্ৰ "জ্যেষ্ঠপ্ৰভা" আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব তথা বিশিষ্ট সাহিত্যিক কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰে মুখপত্ৰখনৰ এক সংক্ষিপ্ত ব্যাখ্যা ডাঙি ধৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ কিছু অন্তৰংগ বিষয় বিশ্লেষণ কৰে।

নিৰ্দিষ্ট বক্তাৰ ভাষণত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে জ্যেষ্ঠ নাগৰিকৰ উন্নয়ণৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনি আৰু জ্যেষ্ঠ নাগৰিকৰ বিভিন্ন দিশৰ উন্নয়ণৰ বাবে সন্মিলনে কৰি অহা বিভিন্ন কৰ্মসূচীৰ এক বিশ্লেষণ দাঙি ধৰে ৷ বিশিষ্ট শিল্পী ডা° গাৰ্গী মালাকাৰ, সদানন্দ বৰ্মন, ড° সুদৰ্শনা বৰুৱা, অনাতাঁৰ শিল্পী প্ৰণতি বৰুৱাৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে আপ্লুত কৰে ৷

অনুষ্ঠানত মুখ্য অতিথিৰ হিচাপে উপস্থিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী কুমাৰী ফুকন ৷ মুখ্য অতিথিৰ ভাসনত ন্যায়াধীশগৰাকীয়ে জ্যেষ্ঠসকলৰ নিঃসংগ জীৱনৰ কিছু মনোগ্ৰাহী কথাৰ বিশ্লেষণ কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে থকা আইনৰ বহুখিনি তত্ত্বগধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

ইয়াৰ পিচতে চচল লেখিকা সমাৰোহৰ সদস্যাসকলে পৰিৱেশন কৰা সংগীতালেখ্যই সভাগৃহ মুখৰিত কৰি তোলে ৷ শতাধিক লোক উপস্থিত থকা দিনযোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সন্ধিয়া ৬ বাজি ৩০ মিনিটত অসম সংগীতেৰে সফল সামৰণি পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in