Advertisment

উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে কৃষকৰ পৰা দাইল ক্ৰয় কৰিব চৰকাৰে...

দুয়োটা সংস্থাই বীজ সিঁচাৰ বতৰৰ পূৰ্বে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দৰে মূল দাইল উৎপাদনকাৰী ৰাজ্যত তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰায় ২১ লাখ কৃষকক পূৰ্ব পঞ্জীয়ন কৰিছে। 

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল ডেস্কঃ দেশৰ খেতিয়কসকলক আশ্বাস প্ৰদানৰ লগতে উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে পি এছ এছ আৰু পি এছ এফ আঁচনিৰ জৰিয়তে কৃষকৰ পৰা ৰহৰ দাইল,মাটি দাইল আৰু মচুৰ দাইল ক্ৰয় কৰিব চৰকাৰে।

Advertisment

কৃষকসকলক উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ দুখন চৰকাৰী সমবায় নাফেদ আৰু এনচিচিএফক দালি ক্ৰয় কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। কৃষি আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰা উচ্চ পৰ্যায়ৰ আন্তঃমন্ত্ৰালয়ৰ বৈঠকত সমবায় দুখনলৈ এই নিৰ্দেশনা জাৰি কৰে।

এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি,দুয়োটা সংস্থাই বীজ সিঁচাৰ বতৰৰ পূৰ্বে মহাৰাষ্ট্ৰ, কৰ্ণাটক, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ দৰে মূল দাইল উৎপাদনকাৰী ৰাজ্যত তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰায় ২১ লাখ কৃষকক পূৰ্ব পঞ্জীয়ন কৰিছে। 

উল্লেখযোগ্য যে, পি এছ এফ পুঁজি কৃষিজাত সামগ্ৰীৰ মূল্য সুস্থিৰ কৰা আৰু গ্ৰাহকক সুৰক্ষা দিয়াৰ বাবে ব্যৱহাৰ কৰা হয় যদিও এই ক্ষেত্ৰত পি এছ এছৰ অধীনত আবণ্টিত পুঁজি বজাৰৰ মূল্য অৱনমিত হ'লে কৃষকসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।

 দেশখনে যথেষ্ট পৰিমাণে আমদানি কৰা ৰহৰ দাইল,মাটি দাইল আৰু মচুৰ দাইলৰ দৰে মাহজাতীয় শস্যৰ ১০০% ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰে। বিগত তিনিদিনৰ পাইকাৰী মূল্যৰ ভিত্তিত ৰহৰ আৰু মাটি দাইল ক্ৰয় কৰিবলৈ সংস্থাসমূহক অনুমোদন জনাইছে কৃষি মন্ত্ৰালয়ে।



 

কৃষক