Advertisment

প্ৰদূষণ ৰোধঃ শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰৰ ব্যয় ৩,৬২৩কোটি

ৰাজধানী চহৰ দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ লগতে তাৰ চুবুৰীয়া কেইবাখনো ৰাজ্যৰ প্ৰদূষণৰ অন্যতম এটা কাৰণ হৈছে ইয়াৰ পথাৰৰ পৰা শস্যৰ অৱশিষ্টৰ উচিত ব্যৱস্থাপনাৰ অভাৱ। শেহতীয়াকৈ এই বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

author-image
Asomiya Pratidin
New Update
পাঞ্জাৱ
ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ লগতে তাৰ চুবুৰীয়া কেইবাখনো ৰাজ্যৰ প্ৰদূষণৰ অন্যতম এটা কাৰণ হৈছে ইয়াৰ পথাৰৰ পৰা শস্যৰ অৱশিষ্টৰ উচিত ব্যৱস্থাপনাৰ অভাৱ। শেহতীয়াকৈ এই বিষয়টোক অধিক গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। 
Advertisment
কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে লোকসভাৰ মজিয়াত শেহতীয়াকৈ দাঙি ধৰা এক তথ্য অনুসৰি, ২০১৮চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে দিল্লী, পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ বাবে ৩হাজাৰ ৬২৩.৪৫কোটি টকা ব্যয় কৰিছে।
য়াৰ ভিতৰত সৰ্বাধিক ধন আৱন্টন দিছে পাঞ্জাৱত। পাঞ্জাৱত শস্যৰ অৱশিষ্ট ব্যৱস্থাপনাৰ বাবে ১,৬৮১.৪৫কোটি টকা আৱন্টন দিছে কেন্দ্ৰীয় চৰকাৰে। এই ধনেৰে শস্যৰ অৱশিষ্ট ব্যৱস্থাপনা যন্ত্ৰপাতিৰ ৰাজসাহায্য প্ৰদানৰ লগতে বহনক্ষম প্ৰথাক প্ৰসাৰিত কৰিবলৈ কাষ্টম হাইৰিং চেণ্টাৰ (চি এইচ চি) স্থাপন কৰা হৈছে।  ধানৰ খেৰ সংগ্ৰহৰ বাবে ৪৫০০টা বেলাৰ আৰু ৰেককে ধৰি ৩ লাখৰো অধিক মেচিন বিতৰণ কৰা হৈছে। এই ৰাজ্যসমূহত। 
পাঞ্জাৱৰ পিছতে এই শিতানত দ্বিতীয় সৰ্বাধিক ধন লাভ কৰিছে হাৰিয়ানাই।  হাৰিয়ানাই ১,০৮১.৭১ কোটি টকা, উত্তৰ প্ৰদেশে ৭৬৩.৬৭ কোটি, দিল্লীৰ এনচিটিয়ে ৬.০৫ কোটি, আৰু ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালচাৰেল ৰিচাৰ্চ (আইচিআৰ)য়ে ৮৩.৩৫ কোটি টকা লাভ কৰিছে শস্য অৱশিষ্ট ব্যৱস্থাপনাৰ বাবে। 
তালিকা
দিল্লী