Advertisment

ক্ষুদ্ৰ মাছমৰীয়া সম্প্ৰদায়ৰ বাবে কেন্দ্ৰৰ ৪,৯৬৯ কোটি টকা অনুমোদন

দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মাছমৰীয়াৰ মুখত হাঁহি বিৰিঙাবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। মাছমৰীয়াসকল উপকৃত হোৱাকৈ ৪,৯৬৯.৬২ কোটি টকাৰ পেকেজত অনুমোদন

author-image
Asomiya Pratidin
New Update
fish

ডিজিটেল ডেস্ক : দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মাছমৰীয়াৰ মুখত হাঁহি বিৰিঙাবলৈ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দেশৰ ক্ষুদ্ৰ মাছমৰীয়া সম্প্ৰদায় তথা পৰম্পৰাগত মাছমৰীয়াসকল উপকৃত হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ মীন বিভাগে ৪,৯৬৯.৬২ কোটি টকাৰ পেকেজত অনুমোদন জনাইছে।

Advertisment

মীন, পশুপালন আৰু দুগ্ধ পালনৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে ৰাজ্যসভাত উল্লেখ কৰা অনুসৰি উক্ত আঁচনিৰ অধীনত ২০২০-২১ বিত্তীয় বৰ্ষৰ মুঠ পূঁজিৰ ২০,০৫০ কোটি টকা বিনিয়োগ কৰিব মীন খণ্ডৰ সামগ্ৰিক উন্নয়নত। একেদৰে মাছমৰীয়াৰ কল্যাণৰ বাবে বিনিয়োগ কৰিব ২০,০৫০ কোটি টকা। 

মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাক অৱগত কৰে যে জলবায়ু স্থিতিস্থাপক আৰু জলজ কৃষিক প্ৰসাৰিত কৰিবলৈ পি এম এম এছ ৱাইৰ অধীনত বিভাগটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ক্ষুদ্ৰ মাছমৰীয়াসকলৰ বাবে ১১৫.৭৮ কোটি টকাৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও মীন বিভাগে পৰম্পৰাগত মাছমৰীয়াসকলৰ বাবে ৪৮০খন গভীৰ সাগৰৰ মাছ ধৰা জাহাজ অধিগ্ৰহণৰ বাবে অনুমোদন জনাইছে। একেদৰে পৰম্পৰাগত মাছমৰীয়াসকলৰ জীৱিকাৰ উন্নতিৰ বাবে ৭৬৯.৬৪ কোটি টকা ব্যয়ৰে ১,৩৩৮খন মাছ ধৰা জাহাজৰ উন্নীতকৰণৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে।

মীন বিভাগ