কৃষকৰ বাবে ১,০০০ কোটি টকাৰ ঋণ নিশ্চয়তা আঁচনি মুকলি কেন্দ্ৰৰ

দেশৰ কৃষকসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। কৃষকসকলৰ উপকাৰ সাধনৰ বাবে এক আঁচনি মুকলি কৰিছে কেন্দ্ৰই। যিখন আঁচনিয়ে কৃষকসকলক দিব ১,০০০ কোটি টকাৰ ঋণৰ নিশ্চয়তা

author-image
Asomiya Pratidin
New Update
zdh

ডিজিটেল ডেস্ক : দেশৰ কৃষকসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। কৃষকসকলৰ উপকাৰ সাধনৰ বাবে এক আঁচনি মুকলি কৰিছে কেন্দ্ৰই। যিখন আঁচনিয়ে কৃষকসকলক দিব ১,০০০ কোটি টকাৰ ঋণৰ নিশ্চয়তা। সোমবাৰে উক্ত আঁচনিখন মুকলি কৰি এই কথা সদৰী কৰে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে।  

Advertisment


মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ উদ্দেশ্যে ব্যাখ্যা কৰি কয় যে ৱেৰহাউছিং ডেভেলপমেণ্ট এণ্ড ৰেগুলেটৰী অথৰিটি চমুকৈ ডব্লিউ ডি আৰ এৰ পঞ্জীয়নভুক্ত ভঁৰালসমূহে জাৰি কৰা ই-এন ডব্লিউ আৰৰ বিপৰীতে বেংকৰ ঋণ দিবলৈ অনিচ্ছা হ্ৰাস কৰাৰ লক্ষ্যৰে এই আঁচনি প্ৰনয়ণ কৰা হৈছে। আঁচনিখন শুভাৰম্ভণি কৰাৰ লগে লগে ১,০০০ কোটি টকাৰ কৰ্পাছ ফাণ্ড আগবঢ়োৱাৰ কথাও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বেংকসমূহে যাতে কৃষকসকলক উদাৰ দৃষ্টিভংগীৰে ঋণ দিবলৈ প্ৰস্তুত হয় তাৰ বাবে এই আঁচনিখন মুকলি কৰা হৈছে। অনুষ্ঠানত খাদ্য সচিব সঞ্জীৱ চোপ্ৰায়ো মন্তব্য কৰে। তেওঁ কয় যে এই আঁচনিৰ দ্বাৰা অহা ১০ বছৰত শস্য চপোৱাৰ পিছৰ ঋণ ৫.৫ লাখ কোটি টকালৈ বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে।

central govt