/asomiyapratidin/media/media_files/2025/04/02/wxwIoCdy27hx4hyj11Y8.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ আৰ্থিক সাহায্যত ২০১৭ চনত চেণ্টাৰ ফৰ চাউথ-ইষ্ট এছিয়ান ষ্টাডিজ স্থাপন হয় । এই কেন্দ্ৰটো একান্তই এই বিষয়ত অধ্যয়ন আৰু চৰ্চাৰ ক্ষেত্ৰ হিচাপে লৈ স্থাপিত হোৱা এইটো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ষ্টাডি চেণ্টাৰ ।
কেন্দ্ৰটো কাৰ্যবাহী পৰিষদৰ অধীনস্থ তদাৰকী কৰ্তৃপক্ষ গভাৰ্ণিং কাউন্সিলৰ দ্বাৰা পৰিচালিত। গভাৰ্ণিং কাউন্সিলত অসম চৰকাৰে মনোনীত কৰা সদস্য অন্তৰ্ভুক্ত কৰা হয় বুলি জানিবলৈ দিয়ে।
বিশেষকৈ ভাৰতৰ এক্ট ইষ্ট পলিচিৰ প্ৰেক্ষাপটত দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ উন্নয়নশীল সম্পৰ্কৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰত অঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰতৰ লগত পূব আৰু দক্ষিণ-পূব এছিয়াৰ সম্পৰ্কত , বিশেষকৈ উত্তৰ-পূব ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সুযোগসমূহ বুজিবলৈ অধিক আলোচনা আৰু জ্ঞানৰ নেটৱৰ্ক সৃষ্টিৰ বাবে দক্ষিণ-পূব এছিয়ান অধ্যয়ন কেন্দ্ৰৰ ডিজাইন কৰা হৈছে।
কেন্দ্ৰটোৰ অন্যান্য উল্লেখযোগ্য কাৰ্য্যকলাপসমূহৰ ভিতৰত ২০১৯ চনৰ পৰা থামাছাট বিশ্ববিদ্যালয়ৰ সৈতে ছাত্ৰ বিনিময় কাৰ্যসূচী অন্তৰ্ভুক্ত হৈ আছে । কেন্দ্ৰটোৰ তত্বাৱধানত লাওছৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগে ২০১৮ চনত আগবঢ়োৱা “মেচিন লাৰ্নিং আৰু পেটাৰ্ণ স্বীকৃতি” বিষয়ক হ্ৰস্বম্যাদী ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল ।
কেন্দ্ৰটোৰ শেহতীয়া পদক্ষেপসমূহৰ ভিতৰত ২০২২ চনত লণ্ডনৰ কিংছ কলেজৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যাপক আৰু নতুন দিল্লীৰ অবজাৰ্ভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ ষ্ট্ৰেটেজিক ষ্টাডিজ প্ৰগ্ৰেমৰ মুৰব্বী অধ্যাপক হৰ্ছ ভি. পণ্টৰ 'Ukraine Russia War: Perspectives on Global and National Implications' ওপৰত বিশিষ্ট বক্তৃতানুষ্ঠান অন্যতম। কেন্দ্ৰটোৰ অন্য পদক্ষেপ হিচাপে ২০২৪ চনত থাইলেণ্ডৰ ১৫ খন ভিন্ন বিশ্ববিদ্যালয়ৰ ৩২ জন শিক্ষাবিদ আৰু বিষয়াৰ এটা দলে ২৪ চেপ্তেম্বৰ ২০২৪ত গৌহাটী বিশ্ববিদ্যালয় ভ্ৰমণ কৰি বিশেষকৈ শৈক্ষিক বিনিময় কাৰ্যসূচী,গৱেষণা সহযোগিতা আৰু থাই অধ্যয়নৰ সম্ভাৱ্য প্ৰৱৰ্তন আদিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰিছিল ।
উল্লেখযোগ্য যে, কেন্দ্ৰটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তাৎপৰ্য্য সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত নিয়মীয়াকৈ কাৰ্যসূচীৰ ব্যৱস্থা কৰে। গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰাজ্য চৰকাৰৰ প্ৰযোজ্য নিয়ম-নীতিৰ পদ্ধতিৰে কেন্দ্ৰটো পৰিচালিত হয়।