/asomiyapratidin/media/media_files/2025/07/15/new-ap-web-4-5-2025-07-15-13-26-35.jpg)
ডিজিটেল ডেস্কঃ কৰ্কট আৰু মধুমেহ ৰোগৰ ঔষধকে ধৰি ৭১টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য নিৰ্ধাৰণ কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গেজেট অধিসূচনা জাৰি কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
ঔষধৰ দাম নিয়ন্ত্ৰণ কৰা কেন্দ্ৰীয় সংস্থা ‘নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি’ (এন পি পি এ)য়ে এই মূল্য নিৰ্ধাৰণ কৰিছে। এই তালিকাত মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ ঔষধো সন্নিবিষ্ট কৰা হৈছে। কিছুমান বিশেষ ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰা ঔষধৰ ক্ষেত্ৰত এই নিয়ম কাৰ্যকৰী কৰা হৈছে।
মেটাষ্টেটিক স্তন কেন্সাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধ ৰিলায়েন্স লাইফ চাইন্সেছৰ ট্ৰাষ্টুজুমেবক কেন্দ্ৰই সীমাবদ্ধ কৰি ৰাখিছে। গেজেটৰ অধিসূচনা অনুসৰি এই ঔষধৰ খুচুৰা মূল্য প্ৰতি ভায়েলত ১১,৯৬৬ টকা।
পেপটিক আলচাৰৰ চিকিৎসাৰ বাবে Torrent Pharmaceuticals ৰ ঔষধ ব্যৱহাৰ কৰা হয়। ক্লেৰিথ্ৰ’মাইচিন, ইছ’মেপ্ৰাজ’ল আৰু এমোক্সিচিলিনৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ঔষধৰ প্ৰতিটো টেবলেটৰ মূল্য ১৬২.৫০ টকা নিৰ্ধাৰণ কৰা হৈছে।
ইয়াৰ উপৰিও একাংশ কোম্পানীয়ে প্ৰস্তুত কৰা ২৫ বিধ ডায়েবেটিছ প্ৰতিৰোধী ঔষধৰ দামো নিৰ্ধাৰণ কৰা হৈছে। একাংশ কোম্পানীয়ে প্ৰস্তুত কৰা পেৰাচিটামল ঔষধৰ দামো নিৰ্ধাৰণ কৰা হৈছে। যোৱা ৪ জুলাইত এখন গেজেট অধিসূচনা প্ৰকাশ কৰা হৈছিল য’ত উল্লেখ কৰা হৈছিল যে, এই ঔষধসমূহৰ মূল্য ঔষধৰ মূল্য নিয়ন্ত্ৰণ নিয়ম, ২০১৩ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে।
ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত দেশত ৭৪৮ টা অতি গুৰুত্বপূৰ্ণ আৰু অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছিল। পাইকাৰী মূল্য সূচকাংকৰ ভিত্তিত সেই ঔষধসমূহৰ মূল্য ‘এম আৰ পি’তকৈ ১.৭৪ শতাংশ বৃদ্ধিৰ সেউজ সংকেত দিছিল কেন্দ্ৰীয় সংস্থাটোৱে।
তালিকাখনত পেৰাচিটামল, কাহ, চেনি, বাতবিষ, কৃমি, ৰক্তচাপ নিয়ন্ত্ৰণ, টোপনি, ভিটামিন, কোষ্ঠকাঠিন্য, টেবলেট আৰু গুৰুত্বপূৰ্ণ এন্টিবায়টিককে ধৰি বিভিন্ন ৰোগৰ বেজী আদি অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ পূৰ্বে যোৱা বছৰৰ অক্টোবৰ মাহত কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মা আৰু মানসিক ৰোগৰ বাবে প্ৰয়োজনীয় ঔষধকে ধৰি আঠটা অত্যাৱশ্যকীয় ঔষধৰ মূল্য কমেও ৫০ শতাংশ বা তাতকৈ অধিক বৃদ্ধিৰ অনুমোদন জনাইছিল।