গান্ধী পৰিয়ালৰ বেচৰকাৰী সংস্থাৰ অনুজ্ঞাপত্ৰ বাতিল চৰকাৰৰ...

গান্ধী পৰিয়ালৰ বেচৰকাৰী সংস্থাৰ অনুজ্ঞাপত্ৰ বাতিল চৰকাৰৰ...

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে ৰাজীৱ গান্ধী ফাউণ্ডেছন আৰু ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্টৰ বিদেশী অৱদান নিয়ন্ত্ৰণ আইনৰ অনুজ্ঞাপত্ৰ । অভিযোগ অনুসৰি, বিদেশী অৱদানৰ ক্ষেত্ৰত অনিয়মে দেখা দিয়াৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰে এই বেচৰকাৰী সংস্থা দুটাৰ । তথ্য অনুসৰি, অধিক অনুসন্ধানৰ বাবে চি বি আয়ে পৰৱৰ্তী সময়ত চলাব অভিযান ।

উল্লেখ্য যে, ২০২০ চনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তৈয়াৰ কৰা এক আন্ত: মন্ত্ৰালয় সমিতিয়ে কৰা অনুসন্ধানৰ ভিত্তিত অনুজ্ঞাপত্ৰ বাতিলৰ সিদ্ধান্ত লোৱা হয় । এই অনুসন্ধানে সামৰি লৈছিল বেচৰকাৰী সংস্থাটোৰ প্ৰয়োজনীয় নথি-পত্ৰ যেনে আয়কৰ পৰিশোধৰ নথি-পত্ৰ, বিদেশ বিশেষকৈ চীনৰ পৰা অনুদান লাভ কৰা ধনৰ অবৈধ সৰবৰাহ আদিৰ দৰে গুৰুতৰ অভিযোগ ।

এই বেচৰকাৰী সংস্থা দুটা স্থাপন কৰা হৈছিল দেশৰ নিম্ন আয়ৰ লোক সকলৰ উন্নতিৰ বাবে আৰু বৰ্তমান এই দুটা সংস্থা উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ আটাইতকৈ অনুন্নত অঞ্চল সমূহত আগবঢ়াই আহিছিল সেৱা ।

আনহাতে, ২০২০ চনৰ লাডাখ সীমান্তত ভাৰত-চীনৰ সেনাৰ সাময়িক সংঘৰ্ষৰ সময়তেই এই দুটি সংস্থাৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্য কলাপৰ বাবে চীনৰ অনুদান লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in