/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/9c011981-2934-4964-8d94-a083bbadc0e2/whatsapp_25.jpg)
ডিজিটেল ডেস্ক: মঙলবাৰে প্ৰায় ২ ঘন্টাৰ বাবে বন্ধ হৈছিল হোৱাটছ এপ সেৱা। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দেখা গৈছে বিশেষ পদক্ষেপ। ভাৰত চৰকাৰৰ তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে হোৱাটছ সেৱা বন্ধ হোৱাৰ কাৰণ বিস্তৃত ৰূপত বিচাৰিছে।মন্ত্ৰালয়ে মেটাক ইয়াৰ বাবে ৪ দিনৰ সময় দিয়া বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি জানিব পৰা মতে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কোম্পানীটোক হোৱাটছএপ বন্ধ হোৱাৰ কাৰণ বিচাৰিছে। এই সন্দৰ্ভত হোৱাটছ এপলৈ ই মেইল প্ৰেৰণ কৰা হৈছিল যদিও সঁহাৰি লাভ কৰা নাছিল।
মঙলবাৰে নিশা এক বিবৃতিত হোৱাটছ এপে কৈছিল যে এটা "কাৰিকৰী বিজুতি"ৰ ফলত এই সমস্যাই দেখা দিছিল।
উল্লেখ্য যে, মঙলবাৰে কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন দেশত হোৱাটছ এপ সেৱা কিছু সময়ৰ বাবে বন্ধ হৈছিল। এই দেশ সমূহৰ ভিতৰত আছিল - ছিংগাপুৰ, ব্ৰিটেইন,টুৰ্কী, চাউথ আফ্ৰিকা আদি।