দুৰ্যোগ প্ৰশমনৰ বাবে উত্তৰ-পূবলৈ কেন্দ্ৰ ৩৭৮কোটি টকা...

দুৰ্যোগ প্ৰশমন, সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ৰাজ্যসমূহক ১,১১৫ কোটি টকাৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে

author-image
Asomiya Pratidin
New Update
modi

ডিজিটেল ডেস্কঃ দুৰ্যোগ প্ৰশমন, সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ৰাজ্যসমূহক ১,১১৫ কোটি টকাৰ অনুমোদন দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে ১৫খন ৰাজ্যৰ বিভিন্ন দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে এই ধনৰাশিত অনুমোদন জনাইছে।

এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে, এই কমিটীয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ বাবে আন এক প্ৰকল্পত মুঠ ১১৫.৬৭ কোটি টকা অনুমোদন জনায়। 

বিবৃতিত উল্লেখিত অনুসৰি, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বাবে ১৩৯ কোটি টকাকৈ, মহাৰাষ্ট্ৰৰ বাবে ১০০ কোটি টকা, কৰ্ণাটক আৰু কেৰালাৰ বাবে ৭২ কোটি টকাকৈ, তামিলনাডু আৰু পশ্চিম বংগৰ বাবে ৫০ কোটি টকা অনুমোদন জনোৱা হৈছে।

এই কমিটীখনে উত্তৰ পূবৰ উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে ৩৭৮ কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰই।  অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰাৰ দুৰ্যোগ প্ৰশমনৰ বাবে ব্যয় কৰা হ'ব এই ৩৭৮কোটি টকা। 

অমিত শ্বাহ