ডিজিটেল ডেস্ক : দেশৰ পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪০ টা নতুন প্ৰকল্পত অনুমোদন জনাইছে। ২৩খন ৰাজ্যৰ কম পৰিচিত এই পৰ্যটনস্থলীসমূহক আইকনিক চাইটলৈ উন্নীত কৰাৰ বাবে কেন্দ্ৰই ব্যয় কৰিব ৩, ২৯৫ কোটি টকা।
এই প্ৰকল্পসমূহৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে- পৰ্যটকসকলক সমানে এই আইকনিক চাইটসমূহলৈ ভ্ৰমণ কৰাৰ বাবে উদগনি দিয়া স্থানীয় অৰ্থনীতিক প্ৰসাৰ কৰা আৰু পৰ্যটনৰ বহনক্ষম বৃদ্ধি নিশ্চিত কৰা। ৰাজ্যসমূহে প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব লাগিব ২বছৰৰ ভিতৰত।
পৰ্যটন মন্ত্ৰাণালয়ে আইকনিক পৰ্যটনস্থলীসমূহ উন্নয়নৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহক মূলধনী বিনিয়োগৰ জৰিয়তে এই বিশেষ সাহাৰ্য প্ৰদান কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে প্ৰস্তাৱিত প্ৰকল্পসমূহ প্ৰস্তুত কৰি এছ এ এছ চি আই গাইড-লাইন অনুসৰি মন্ত্ৰাণালয়ত দাখিল কৰিবলৈ অনুৰোধ কৰিছিল।
চলিত বছৰৰ ১৫ অক্টোবৰলৈকে পৰ্যটন মন্ত্ৰাণালয়ে ৮৭ টা প্ৰকল্পৰ প্ৰস্তাৱ লাভ কৰিছিল। যিবোৰ প্ৰকল্প ৰূপায়ণৰ বাবে ৮ হাজাৰ কোটিতকৈও অধিক টকাৰ প্ৰয়েজন হ’ব । সেই প্ৰস্তাৱিত প্ৰকল্পৰ মাজৰ পৰা মন্ত্ৰাণালয়ে ৪০ টা প্ৰকল্পক ৰূপায়ণৰ বাবে অনুমোদন জনায়। এই নিৰ্বাচিত প্ৰকল্পসমূহৰ ভিতৰত অসমৰ শিৱসাগৰৰ ৰংঘৰ, বিহাৰৰ মৎস্যগন্ধা সৰ আদিও আছে।