/asomiyapratidin/media/media_files/2025/06/25/nitin-gadkari-2025-06-25-12-14-28.jpg)
ডিজিটেল ডেস্কঃ জম্মু আৰু কাশ্মীৰৰ পৰ্যটন, সুৰক্ষা আৰু উন্নয়ন ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে ১০,৬৩৭ কোটি টকাৰ ১৯টা পথ আৰু টানেল প্রকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পবোৰে সীমান্ত অঞ্চলসমূহলৈ যোগাযোগ নিশ্চিত কৰাৰ লগতে যাত্ৰাৰ ক্ষেত্ৰত সময়সীমা হ্ৰাস আৰু সকলো ঋতুতে সংযোগ নিশ্চিত কৰিব।
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৯৬ কিলোমিটাৰ দৈৰ্ঘৰ এই ১৯টা প্রকল্পত অনুমোদন দিছে। এই ১৯ টা প্ৰকল্পৰ ভিতৰত প্ৰধান প্রকল্পবোৰৰ হৈছে ক্ৰমে ৩,৮৩০ কোটি টকাৰ পীৰ কি গলি টানেল। এই টানেলে কাশ্মীৰ উপত্যকা আৰু দেশৰ বাকী অংশৰ মাজত বিকল্প হিচাপে যিকোনো বতৰ পৰিস্থিতিতে সংযোগ স্থাপন কৰিব।
৩,৩৩০ কোটি টকাৰ সাধনা টানেলে ল’চৰ ওচৰৰ কৰনাহ অঞ্চললৈ বছৰৰ সকলো সময়তে যাতায়াত সুনিশ্চিত কৰিব। তাৰোপৰি ৮৫২ কোটি টকাৰ জাজনাৰ-শ্বপিয়ান পথ, ৭০০ কোটি টকা ব্যয়ৰে লালচক-পৰিমপোৰালৈ ৪-লেনৰ ফ্লাইঅভাৰ, ৯৬৬ কোটি টকা ব্যয়ৰে ত্ৰেহগাম-চামকোটে পথ, ৪৪৫ কোটি টকা ব্যয়ৰে নাৰবাল-গুলমাৰ্গ পথত মাগাম ফ্লাইঅভাৰ, ৯৫ কোটি টকাৰে কাজিগুন্দ বাইপাছ, ৭১ কোটি টকাৰে শ্বপিয়নত ৰামবিয়াৰা নদীত ২-লেনৰ দলং আদি।
এই সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ লেফ্টেনেন্ট গৱৰ্ণৰ মনোজ সিঙাই কয়, “এইবোৰ কৌশলগত প্ৰকল্পই সুৰক্ষা ব্যৱস্থা আৰু সৈন্য চলাচল উন্নত কৰাৰ লগতে অৰ্থনৈতিক আৰু পৰ্যটন উন্নয়নক উৎসাহিত কৰিব। টানেল নিৰ্মাণে সময় হ্ৰাস, সুৰক্ষিত চলাচল আৰু অঞ্চলটোৰ উন্নয়নক নিশ্চিত কৰিব।”
মুখ্যমন্ত্ৰী ওমৰ আবদুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, তেওঁৰ চৰকাৰৰ বাবে এয়া এক ডাঙৰ সফলতা। তেওঁ প্ৰধানমন্ত্ৰী মোডী আৰু গাডকাৰীক এই প্ৰকল্পৰসমূহৰ বাবে ধন্যবাদ জনাইছে আৰু তেওঁলোকৰ এনে যোগাত্মক সহাৰিয়ে জম্মু-কাশ্মীৰ উন্নয়নৰ দিশে লৈ যাব বুলিও উল্লেখ কৰিছে।
নেছনেল কনফাৰেন্স-ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয়, “মুখ্যমন্ত্ৰীৰ নেতৃত্বত মোগল ৰোড টানেল আৰু টাংধাৰ টানেলৰ দৰে গুৰুত্বপূর্ণ প্রকল্পবোৰ চৰকাৰৰ পৰা অনুমোদন আদায় কৰাটো এক বৃহৎ সফলতা।”