/asomiyapratidin/media/media_files/2025/01/20/R83usU36tLEDTjKfNa23.jpg)
চিৰাঙৰ বেংতলত বিপিএফৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশন
ডিজিটেল সংবাদ, চিৰাং : সোমবাৰে চিৰাং জিলাৰ বেংতলৰ জাংগ্ৰীখাং ফৌথাৰত বিপিএফৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয়। আজিৰ এই অধিবেশনতে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণশিঙা বজাই বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।
বৰ্তমান সময়ত বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ দল হিচাপে এক শক্তিশালী স্থিতিত অৱতীৰ্ণ হৈছে । বিটিচিত এতিয়া এক নম্বৰ স্থানত আছে বিপিএফ দল, দুই নম্বৰ স্থানত আছে বিজেপি, ইউপিপিএল দল আছে তিনি নম্বৰত আৰু কংগ্ৰেছ দল চাৰি নম্বৰত আছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।
আগন্তুক বিটিচিৰ নিৰ্বাচনত বিপিএফ দল একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰ্বাচিত হৈ চৰকাৰ গঠন কৰিব বুলি প্ৰৱল আত্মবিশ্বাসৰ সৈতে ঘোষণা কৰে দলৰ সভাপতিগৰাকীয়ে। আজি বিপিএফৰ কেন্দ্ৰীয় ষষ্ঠ ত্ৰি-বাৰ্ষিক অধিবেশনত পুৱা দলৰ ১০টাকৈ জিলা সমিতি আৰু মহিলা কোষ, যুৱ কোষ, ছাত্ৰ কোষ, বিভিন্ন জাতি-জনগোষ্ঠীৰ কোষৰ সভাপতি-সম্পাদকৰ উপস্থিতিত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সমূহীয়াভাৱে দলৰ পতাকা উত্তোলন কৰে।
একেদৰে মহিলা কোষৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই স্মৃতি তৰ্পণৰ মাজেৰে অধিবেশনৰ কামকাজ আৰম্ভণি কৰে । ১০খন জিলা সমিতিৰ উপৰি বিভিন্ন কোষৰ প্ৰায় ৬সহস্ৰাধিক বিপিএফৰ দলীয় নেতা কৰ্মী, বিধায়ক, পাৰিষদ লগতে দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাসকলৰ উপস্থিতিত প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/media_files/2025/01/20/C2lTJB7kGOPm6jps6mID.jpg)
প্ৰতিনিধি সভাৰ আদৰণি ভাষণ আগবঢ়াই দলৰ উপসভাপতি তথা বিধায়ক দুৰ্গাদাস বড়োই। আজিৰ এই অধিবেশনৰ প্ৰতিনিধি সভাৰ জৰিয়তে আগন্তুক তিনিবছৰৰ বাবে হাগ্ৰামা মহিলাৰীক দলৰ সভাপতি আৰু মনেশ্বৰ ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে দলে দায়িত্ব অৰ্পণ কৰে ।
চলিতে বৰ্ষতে অনুষ্ঠিত হ’ব লগা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলৰ ৰণকৌশল কি হ’ব এই সন্দৰ্ভত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে অহা বিটিচিৰ পৰিষদীয় নিৰ্বাচনত কাৰো লগত মিত্ৰতা নকৰাকৈয়ে বিপিএফ দলে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তাৰ মাজতেই যদি কোনো দল বা সংগঠনে বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি আহে তেনেহ’লে সেয়া দলৰ মজিয়াত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ।
/asomiyapratidin/media/media_files/2025/01/20/TQSCMowV0LriTRspdpra.jpg)
জানিব পৰা মতে আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি আৰু ইউপিপিএল দল পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ’ব আৰু বাস্তৱত যদি বিজেপি আৰু ইউপিপিএল দলে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হয়, তেনেহ’লে বিপিএফ দল অধিক লাভান্বিত হ’ব আৰু বিটিচিত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে । বিটিচিৰ শাসকীয় দল ইউপিপিএল বা প্ৰমোদ বড়ো কোনো কাৰণতে বিপিএফৰ দলৰ সন্মুখত ফেক্টৰ নহয় । কাৰণ অহা বিটিচি পৰিষদীয় নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হাগ্ৰামাই ।
আগন্তুক সময়ত বিটিচিত চৰকাৰ গঠন কৰি বিটিচি এলেকাত কি কি উন্নয়নমূলক কামকাজৰ কৰিব তাৰো খতিয়ান দাঙি ধৰে হাগ্ৰামা মহিলাৰীয়ে। তেওঁ কয় যে বিপিএফ দলৰ চৰকাৰ আহিলে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ লোকক সম অধিকাৰ দিয়া হ'ব ।
বিটিচিৰ সকলো নিবনুৱা যুৱক যুৱতীৰ চাকৰিৰ ক্ষেত্ৰত সহায়ক হ’ব পৰাকৈ প্ৰত্যেকখন জিলাত একোখনকৈ কোচিং চেন্টাৰ স্থাপন কৰা হ’ব। যুৱক যুৱতীক সকলো ক্ষেত্ৰত আগুৱাই লোৱাৰ বাবে প্ৰত্যেকখন জিলাত প্ৰতি বছৰে য়ুথ ফেষ্টিভেল পতা হ’ব।
ওদালগুৰী জিলাত বিটিচিৰ এখন মিনি সচিবালয় স্থাপন কৰাৰ লগতে বেকী, পাগলাদিয়া নৈৰ ওপৰত দলং নিৰ্মাণ কৰা হ’ব। তদুপৰি বহুকেইখন গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰে । ইপিনে দলৰ সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ময়ো কেতবোৰ মন্তব্য কৰে।
ইয়াৰ উপৰি প্ৰমোদ বড়োই সেয়া সঁচা অৰ্থত বিটিচিক ছুইজাৰলেণ্ড বনাব পাৰিছেনে বুলি প্ৰশ্ন উত্থাপন কৰে বিপিএফ দলৰ উপ সভাপতি তথা বিধায়ক দুৰ্গাদাস বড়োই । যিজন প্ৰমোদ বড়োই বিটিচি এলেকাৰ মুখ্য জৰাজীৰ্ণ পথসমূহকে মেৰামতি কৰিবলৈ সক্ষম হোৱা নাই তেনেস্থলত বিটিচিক ছুইজাৰলেণ্ড বনোৱা বা ঘৰে ঘৰে চৰকাৰী চাকৰি দিয়াৰ কথা কৈ বিটিচিবাসীক ঠগিছে। প্ৰত্যুত্তৰ এইবেলি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত ৰাইজে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।