/asomiyapratidin/media/media_files/2025/01/29/z6gGWRMiT0FwS9yhiH9l.jpg)
অখিল অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন
ডিজিটেল সংবাদ, জামুগুৰিহাট : অহা ১৬, ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত শোণিতপুৰৰ ফুলবাৰীত অনুষ্ঠিত হ'ব অখিল অসম ভোজপুৰী পৰিষদৰ ষষ্ঠতম ত্ৰি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ফুলবাৰীত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনৰ বুধবাৰে লাইখুঁটা স্থাপন কৰা হয়।
লাইখুঁটা স্থাপন অনুষ্ঠানটিত অংশগ্ৰহণ কৰে অখিল অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি কৈলাশ কুমাৰ গুপ্তাই । উদ্যোক্তাসকলে জনোৱা মতে অখিল অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনখনিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us