কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে এম এছ এম ইৰ পৰা ক্ৰয় কৰিছে ৯৪ শতাংশৰো অধিক সামগ্ৰী

ভাল খবৰ। লক্ষ্যত উপনীত হৈছে দেশৰ লঘু আৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠান চমুকৈ এম এছ এম ই। এক প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে ২০২৫ বিত্তীয় বৰ্ষত এম এছ ইৰ পৰা ৯৪ শতাংশতকৈও অধিক সামগ্ৰী ক্ৰয় কৰিছে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
এম এছ ই

ডিজিটেল ডেস্ক : ভাল খবৰ। লক্ষ্যত উপনীত হৈছে দেশৰ লঘু আৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠান চমুকৈ এম এছ এম ই। এক প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে ২০২৫ বিত্তীয় বৰ্ষত এম এছ ইৰ পৰা ৯৪ শতাংশতকৈও অধিক সামগ্ৰী ক্ৰয় কৰিছে। 

Advertisment

এম এছ ই মন্ত্ৰালয়ৰ পৰ্টেলত উপলব্ধ তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ এম এছ ই ক্ৰয়ৰ ন্যূনতম লক্ষ্য আছিল ১০০ কোটি টকা। লক্ষ্যণীয়ভাৱে যোৱা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় মন্ত্ৰালয়সমূহে এই লঘু আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ পৰা ৯২,৬৭৫ কোটি টকাৰ সামগ্ৰী ক্ৰয় কৰি এক সন্তোষজনক স্থিতিত উপনীত কৰায় এম এছ ইক। উল্লেখ্য যে, ইয়াৰ নিৰ্ধাৰিত লক্ষ্য আছিল ৪৭,৬৭৬.৮৮ কোটি। 

উল্লেখযোগ্য যে, এম এছ এম ইৰ পৰা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে সৰ্বাধিক সামগ্ৰী ক্ৰয় কৰিছে। একেদৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু শক্তি মন্ত্ৰালয়েও ভালেখিনি পৰিমাণৰ সামগ্ৰী এম এছ ইৰ পৰা ক্ৰয় কৰিছে।

অৱশ্যে বিত্ত মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা মহাকাশ বিভাগৰ পৰা বৰ বিশেষ সহাঁৰি লাভ কৰা নাই এছ এ ইয়ে। 

economy