/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9615586a-1b4c-4734-b016-42c6e1610261/9.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতীয় বিমান বাহিনীৰ এখন বিশেষ বিমানযোগে সোমবাৰে পুৱাই ইৰাণলৈ ৰাওনা হয়। ভাৰতে ইৰাণৰ চাবাহাৰ বন্দৰ দীৰ্ঘম্যাদী লীজত লোৱাটো সুনিশ্চিত কৰি গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। এই ঐতিহাসিক অনুষ্ঠানত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব সৰ্বানন্দ সোণোৱালে।
এয়া ভাৰতৰ বাবে এক কৌশলগত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব, কিয়নো ই পাকিস্তানৰ কৰাচীৰ লগতে গ'ৱাদৰ বন্দৰক উপেক্ষা কৰি দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত ইৰাণ হৈ ভাৰতৰ বাবে এক নতুন বাণিজ্যিক পথ মুকলি কৰিব।
এই পদক্ষেপে ব্যৱসায়ৰ বাবে সংবেদনশীল আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্ৰণালীৰ পৰা এক বৈকল্পিক পৰিবহণ পথ অন্বেষণ কৰাৰ বাবেও অৰ্থনৈতিক সুযোগৰ নতুন দিশ মুকলি কৰিব।
ইতিমধ্যে ম্যানমাৰত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষকৈ গুৰুত্বপূৰ্ণ চিটৱে বন্দৰ মুকলি কৰাৰ পাছত এইবাৰ চাবাহাৰ বন্দৰ অভিযানৰ এই চুক্তিয়ে ভাৰতৰ বৰ্ধিত সামুদ্ৰিক প্ৰসাৰৰ আন এক গুৰুত্বপূৰ্ণ সাফল্যক নিৰূপণ কৰিব।
দুয়োটা বন্দৰ প্ৰকল্পৰ উদ্দেশ্য হৈছে- সমগ্ৰ অঞ্চলটোত বৰ্ধিত চীনা উপস্থিতি নিষ্ক্ৰিয় কৰা। উল্লেখযোগ্য যে - সৰ্বানন্দ সোণোৱালে ঠিক এবছৰৰ আগতেই ২০২৩ চনৰ মে' মাহত ম্যানমাৰৰ চিটৱে বন্দৰটো উদ্বোধন কৰিছিল।
Also Read: ডাইনী অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি দি গুছি গ'ল বিৰুবালা ৰাভা...