জখলাবন্ধাত বি জে পিৰ বুথ সশক্তিকৰণ অভিযান সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টি দখলৰ কুচকাৱাজ শাসকীয় দলৰ

author-image
Asomiya Pratidin
New Update
জখলাবন্ধাত বি জে পিৰ বুথ সশক্তিকৰণ অভিযান সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sarbananda Sonowal

ডিজিটেল সংবাদ,কলিয়াবৰঃ আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত কলিয়াবৰ সমষ্টি দখল কৰাৰ বাবে তৎপৰ হৈ উঠিছে বি জে পি। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ সমান্তৰালকৈ কলিয়াবৰ সমষ্টিত নিৰ্বাচনী কুচকাৱাজত নামিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Advertisment

এই উপলক্ষে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত জখলাবন্ধাত সোমবাৰে সন্ধিয়া ভাৰতীয় জনতা পাৰ্টীৰ বুথ সশক্তিকৰণ অভিযানৰ অন্তৰ্গত কলিয়াবৰ লোকসভা সমষ্টিৰ এখন পৰ্য‍ালোচনা বৈঠক অনুষ্ঠিত হয়।

sarbananda at koliyabor
sarbananda at koliyabor

জখলাবন্ধা মিলন সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে। সভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তা সকলক অনুপ্ৰেৰণা যোগায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

২০২৪ ত কলিয়াবৰ সমষ্টি দখলৰ বাবে কৰ্মকৰ্তা সকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আগন্তুক নিৰ্বাচনত কলিয়াবৰত বি জে পিৰ নিজা প্ৰাৰ্থী ঠিয় কৰোৱা হ'ব বুলিও পৰোক্ষভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

বৈঠকত দলীয় কৰ্মকৰ্তা সকলক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে বি জে পিৰ আজিৰ এই পৰ্য‍ায়ত উপনীত কৰাত যিসকল ব‍্যক্তিয়ে ত‍্যাগ কৰিলে সেইসকলক স্মৰণ কৰি বক্তব্য আগবঢ়ায়। বি জে পি দলৰ প্ৰত‍্যেকজন কৰ্মীয়ে কৰা ত‍্যাগৰ বাবে আজিৰ এই সৰ্বানন্দ সোণোৱাল হোৱাৰ সুবিধা লাভ কৰাৰ কথাও দোহাৰে।

সেই একে ত‍্যাগ আৰু কাৰ্য‍ৰ জৰিয়তে কলিয়াবৰ লোকসভা সমষ্টিত বি জে পিৰ প্ৰাৰ্থীক বিজয়ী কৰাৰ সকল্প গ্ৰহণ কৰিব লাগিব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰ্মী সকলৰ প্ৰতি আহ্বান জনায়।

আজিৰ এই পৰ্য‍ালোচনা বৈঠকত উপস্থিত থাকে ৰাজ‍্যিক সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, কলিয়াবৰ বিধানসভাৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা, সুভাষ দত্ত, বিজয় গুপ্তা, প্ৰদীপ বৰঠাকুৰ প্ৰমূখ‍্যে ৰাজ‍্যিক বি জে পিৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ লগতে কলিয়াবৰ জিলা বি জে পিৰ নেতা-কৰ্মীও উপস্থিত থাকে।

booth meeting
booth meeting

উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনৰ বাবে সাংগঠনিক ভেটি সুদৃঢ় কৰা লক্ষ‍্যৰে কলিয়াবৰৰ জখলাবন্ধাৰ মিলন সঙ্ঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত দীঘলীয়া সময়ৰ বাবে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টি বি জে পিৰ দখললৈ অনাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলোৱা কাৰ্য ইতিমধ‍্যে কলিয়বৰত পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, অলপতে উত্তৰ পূৰ্বাঞ্চলৰ আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ উপস্থিতিত একে স্থানতে দলীয় সভাত কলিয়াবৰ উদ্ধাৰৰ বাবে এক দলীয় সভা অনুষ্ঠিত হৈছিল।

ইফালে আজি প্ৰাক্তন মুখ‍্যমন্ত্ৰী, প্ৰাক্তন ৰাজ‍্যিক সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দলীয় বৈঠকত কৰা অংশগ্ৰহণে এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰা বুলি চৰ্চা হোৱা পৰিলক্ষিত হৈছে । সভাৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দলীয় কৰ্মকৰ্তা সকলে শৰাই জাপি গামোচা আদিৰে উষ্ম আদৰণি জনায়।

assam sarbananda sonowal bjp assam bjp koliyabor