ৰহাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু...

অসমৰ মিডিয়া বহুত স্মাৰ্ট, বহুত ভাইব্ৰেণ্টঃ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু

author-image
Asomiya Pratidin
New Update
ৰহাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু...

ৰহাত মন্ত্ৰী কিৰেণ ৰিজিজু

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ বেবেজীয়াৰ ঘাহীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। অসমৰ মিডিয়াক উচ্চ প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। মঙলবাৰে বিয়লি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোকসভা প্ৰৱাস যোজনাৰ অংশ হিচাপে ৰহা সমষ্টিৰ জাগীয়াল মৌজাৰ ঘাঁহী গাঁও পঞ্চায়ত সভাগৃহত নৱ প্ৰজন্মৰ ভোটাৰৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশ লৈ কংগ্ৰেছক কঠোৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

Advertisment

তেওঁ সাংবাদিকৰ আগত কয় যে, "অসমৰ মিডিয়াই ভাল ভাল কাম কৰে। অসমৰ মিডিয়া বহুত স্মাৰ্ট । অসমৰ মিডিয়া বহুত দায়িত্বশীল । অসমৰ মিডিয়া বহুত ভাইব্ৰেন্ট।" এনেদৰেই অসমৰ মিডিয়াক প্ৰশংসা কৰে মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

ইপিনে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা অৰ্থহীন বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীয়ে ভাৰতক ভাগ ভাগ কৰি জাতি জনগোষ্ঠীৰ মাজত বিবাদ আনিছে, পাকিস্তান আৰু সন্ত্ৰাসবাদীয়ে যি কথা কয় ৰাহুল গান্ধীয়ে তাকেই কয় বুলি মন্তব্য কৰে। জল, চাউল, ৰাস্তা আদি দিলে গৰিৱী হাটাও হ'ব বুলি মন্তব্য কৰি কংগ্ৰেছে এইবোৰ নকৰে বুলি সমালোচনা কৰে।

nagaon KIREN RIJIJU raha