ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাত এদিনীয়া কাৰ্যসূচীৰে উপস্থিত হয় পথ পৰিবহন আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় তামাতা । তেওঁ উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।
উক্ত বৈঠক খন আঁত ধৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । তেখেতে বৈঠকত পাৱাৰ পইণ্ট মাধ্যমেৰে জিলাখনত বিভিন্ন বিভাগে জনসাধাৰণৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।
জিলাখনত ৰূপায়ণ হৈ থকা এম.জি. এনৰেগা, প্ৰধানমন্ত্ৰী আবাস যোজনা(গ্ৰামীণ), অমৃত সৰোবৰ, জলজীৱন আঁচনি, আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড, শিক্ষা, কৃষি, পশুপালন, স্বাস্থ্য আদি আঁচনি সমূহৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়া সকলক তীক্ষ্ণ দৃষ্টি ৰাখি সঘনাই নিৰীক্ষণ কৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায় ।
মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত জিলাখনৰ মুৰব্বী বিষয়া সকলক জনতাৰ সেৱক হিচাপে জনসাধাৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা সকলো জনমুখী আঁচনি সমূহ যাতে যোগ্য হিতাধিকাৰী সকলে লাভ কৰে তাৰ ওপৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত কৰাৰ সংকল্পত সক্ৰিয় অংশীদাৰ হবলৈ সকলোকে আহ্বান জনায় ।
আজিৰ এই বৈঠকত কাজিৰঙা লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা, নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে ।