/asomiyapratidin/media/media_files/2025/07/18/jhhiuh-2025-07-18-23-15-16.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ শুকুৰবাৰে নগাঁও জিলাৰ বেবেজীয়াৰ অঞ্চলৰ ঘাঁহী-মহমৰীয়া এক নং নামঘৰ প্ৰাংগণত কৈব্যৰ্ত মহিলা অসমৰ এখন কেন্দ্ৰীয় সভা অনুষ্ঠিত হয়। কৈব্যৰ্ত মহিলা অসমৰ সভানেত্ৰী ৰূপালী দাসে সভাপতিত্ব কৰা সভাখনত সদৌ অসম কৈব্যৰ্ত যুৱ ছাত্র সন্মিলনৰ সভাপতি জয়ন্ত দাসে কয় যে- 'কৈব্যৰ্ত জনগোষ্ঠীৰ স্বায়ত্ব শাসন উন্নয়ন পৰিষদ গঠনৰ বাবে দীৰ্ঘদিন দাবী জনাই অহা হৈছে যদিও বৰ্তমান চৰকাৰখনে আজি পৰ্যন্ত পদক্ষেপ গ্ৰহণ নকৰিলে। তাৰ বিপৰীতে শেহতীয়াকৈ অ বি চি তালিকাভুক্ত হৈ থকা আন এটা সম্প্ৰদায়কহে কৈব্যৰ্ত হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰখন উঠি পৰি লাগিছে।' তেওঁ এনে সিদ্ধান্ত নলবলৈ চৰকাৰলৈ দাবী জনায়।
লগতে আগন্তুক আগষ্ট মাহৰ ভিতৰত কৈব্যৰ্ত সকলক স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ আৰু কৈব্যৰ্ত জনগোষ্ঠীক সাংবিধানিক সুৰক্ষা দিবলৈ তেওঁ দাবী জনায়। সমান্তৰালভাৱে মহিলাসকলক স্বাৱলম্বী কৰাৰ লগতে শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিবলৈও আহ্বান জনায়। ঘাঁহী অঞ্চলৰ সমাজসেৱক ৰেৱকান্ত দাসে আঁত ধৰা সভাখনত একশৰণ ভাগৱতী সমাজৰ সম্পাদক জ্যোতিপ্ৰসাদ দাসক কৈব্যৰ্ত মহিলা অসমে সম্বৰ্ধনা জনায়।
এই সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ কয় সদৰি কৰে যে, 'উঠি অহা প্ৰজন্মক মানবীয় প্ৰমূল্যবোধ আৰু আধ্যাত্মিক শিক্ষা দিব লাগিব। আধ্যাত্মিক চিন্তা চেতনাৰ দ্বাৰাহে পথভ্ৰষ্ট সকলক সঠিক পথৰ সন্ধান দিব।' সভাত সদৌ অসম কৈব্যৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ সম্পাদক গৌৰি শংকৰ দাসেও ভাষণ দিয়ে। কৈব্যৰ্ত মহিলা অসমৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী প্ৰণতি দাসে উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষন প্ৰদান কৰা সভাখনত কৈব্যৰ্ত মহিলা অসমৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদিকা কুঞ্জলতা দাস, সমাজসেৱী ৰিতিকা হাজৰিকা, কৈব্যৰ্ত মহিলা অসমৰ কেন্দ্ৰীয় সম্পাদিকা চুমী দাস, যুটীয়া সম্পাদিকা ৰূপা হাজৰিকা আদিয়ে কৈবৰ্ত মহিলা উত্তৰণৰ ক্ষেত্ৰত ভাষণ প্ৰদান কৰে।
এই সভাতে শিল্পী ভদ্ৰকান্ত দাসৰ সামগ্ৰীক পৰিচালনাৰে সুধাকণ্ঠৰ জনপ্ৰিয় 'মানুহে মানুহৰ বাবে' গীতটো মহমৰীয়াৰ মহিলাসকলে পৰিৱেশন কৰে। সভাখনত আই মাতৃ সমাজে দিহানাম পৰিৱেশন কৰে। উক্ত সভাত কৈব্যৰ্ত মহিলা অসমৰ উপসভানেত্ৰী চুনিমনি দাস, নগাঁও জিলা সমিতিৰ সম্পাদিকা জিন্টি দাস, কবি জ্যোতিকা হাজৰিকা, নামাচাৰ্য যোগেন দাস, নয়ণমনি দাস, ৰঞ্জনা দাসকে ধৰি মহমৰীয়া অঞ্চলৰ মহিলা সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে, উক্ত সভাতে ভদ্ৰা দাসক সভানেত্ৰী আৰু প্ৰতিভা দাসক সম্পাদিকা হিচাবে লৈ কৈব্যৰ্ত মহিলা অসমৰ মহমৰীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়।