Advertisment

ধেমাজি কাছাৰী ময়দানত কেন্দ্ৰীয় মে-ডাম মে-ফীৰ আয়োজন

সদৌ টাই- আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক কেন্দ্ৰীয় মে- ডাম- মে- ফী

author-image
Asomiya Pratidin
New Update
ধেমাজি কাছাৰী ময়দানত কেন্দ্ৰীয় মে-ডাম মে-ফীৰ আয়োজন

ধেমাজি কাছাৰী ময়দানত কেন্দ্ৰীয় মে-ডাম মে-ফীৰ আয়োজন

ডিজিটেল সংবাদ, ধেমাজি : সদৌ টাই- আহোম ছাত্ৰ সন্থাৰ ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু মহিলা সমিতিৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব নৱম বাৰ্ষিক কেন্দ্ৰীয় মে- ডাম- মে- ফী। এই অনুষ্ঠানত সহযোগ কৰিছে যোগসান ক্ৰীয়া সন্থা, অসম আৰু ধেমাজি জিলা যোগাসন ক্ৰীয়া সন্থা তথা ধেমাজিবাসী ৰাইজে। 

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি কাছাৰী ময়দানত অহা ৩১ জানুৱাৰী, ১ আৰু ২ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে নৱম বাৰ্ষিক কেন্দ্ৰীয় মে- ডাম মে- ফী আৰু সদৌ অসম ভিত্তিত মুকলি যোগাসন ক্ৰীয়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৮ বজাত সামূহিক চাফাই কাৰ্য্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি হ'ব ৷ 

একেদৰে পুৱা ৯ বজাত মে-ডাম  মে-ফীৰ মাংগলিক অনুষ্ঠান, ১০ বজাত পতাকা উত্তোলন, ১০-৪৫ বজাত মৈডাম তৰ্পণ, ১১ বজাত চ্যুকাফাৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ আৰু মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যপৰ্ণ তথা বন্তি প্ৰজ্বলন কৰা হ'ব ৷ আনহাতে ১১-৩০ বজাত সাংস্কৃতিক সমাৰোহৰ পিছতেই সন্ধিয়া সদৌ অসম ভিত্তিত মুকলি যোগাসন ক্ৰীয়াৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি হ'ব ৷ 

ইফালে দ্বিতীয় আৰু শেষৰ দিনা সামূহিক সূৰ্য্য নমস্কাৰ আৰু প্ৰতিযোগিতাসমূহৰ পিছতেই সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ৷

me dam me phi