Advertisment

যোৰহাটত তাইচাবৰ উদ্যোগত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন…

ঐতিহাসিক ৰাজমাও বৰপুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি চমুকৈ তাইচাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠান

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
যোৰহাটত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন

যোৰহাটত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন

ডিজিটেল সংবাদ, যোৰহাট : যোৰহাটৰ ঐতিহাসিক ৰাজমাও বৰপুখুৰীৰ পাৰত অৱস্থিত জয়া ভৱনত তাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতি চমুকৈ তাইচাবৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠান। কাৰ্যসূচী অনুসৰি ৩০ জানুৱাৰীত পুৱা ৯-০০ বজাত তাইচাবৰ খ্ৰীঙকা (পতাকা) উত্তোলন কৰে তাইচাবৰ সভাপতি চাও অৱনি কুমাৰ চেতিয়াই। 

Advertisment

বিয়লি অনুষ্ঠিত হয় পয় ফুৰালুং আৰু সন্ধিয়ালৈ অন্তৰংগ আলাপ। আনহাতে শুকুৰবাৰে পুৱা ৯-০০ বজাত দেওঘৰত সমূহীয়া বন্তি প্ৰজ্বলনৰ পাছতেই অনুষ্ঠিত হয় ৰজামৈডামলৈ বৰ্ণাঢ্য শোভাযাত্ৰাসহ ৰজা মৈডাম তৰ্পণ অনুষ্ঠান। শোভাযাত্ৰা উদ্বোধন কৰে অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা মানচাও বিনোদ বাইলুঙে।

ৰজা মৈডাম তৰ্পণ কৰে যোৰহাটস্থিত উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড০ বিমলা প্ৰসাদ বৰুৱাই। ১১-০০ বজাৰ পৰা মলুং ক্ষীৰোদ গগৈৰ পৰিচালনাত আৰম্ভ হয় পয় মে-ডাম-মে-ফী। ইয়াৰ পাছতেই অনুষ্ঠিত হয় কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানৰ মুকলি সভা। 

ডাঃ বিপিন খঙীয়াক ‘দাতাৰত্ন’ বঁটা প্ৰদান
ডাঃ বিপিন খঙীয়াক ‘দাতাৰত্ন’ বঁটা প্ৰদান

 

উদযাপন সমিতিৰ সভাপতি চাও ধ্ৰুৱজ্যোতি ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক, প্ৰসিদ্ধ লেখক তথা ক্ৰীড়াবিদ ডাঃ অতুল বৰগোহাঁই। জয়া ৰমণী চ’ৰাৰ সদস্যাসকলৰ দ্বাৰা আই-ছিং-লাও পৰিৱেশনেৰে শুভাৰম্ভ হোৱা মুকলি সভাত কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন সমিতিৰ সম্পাদক চাও লক্ষ্মীনাথ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা। 

সভাত বিশিষ্ট অতিথিৰ ভাষণত ডাঃ অতুল বৰগোহাঁইয়ে মে-ডাম-মে-ফীৰ তাৎপৰ্যৰ উপৰিও সুদীৰ্ঘ আহোম ৰাজত্বৰ বিভিন্ন বিষয় সামৰি এক সাৰুৱা ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি চাও ৰাজীৱ গগৈয়ে আঁত ধৰা মুকলি সভাত মে-ডাম-মে-ফী অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ ‘জান-চাই-হুঙ’ উন্মোচন কৰে যোৰহাট জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই। 

লগতে মুকলি সভাতে তোৰণৰ দাতা পৰিয়ালক সম্বৰ্ধনা আৰু চিনাকি অনুষ্ঠান। মুকলি সভাত তাইচাব তৰফৰ পৰা তাইচাবৰ আজীৱন সদস্য ডা০ বিপিন খঙীয়াক ‘দাতা ৰত্ন’ বঁটা প্ৰদান কৰাৰ লগতে তাইচাব আৰু উদযাপন সমিতিয়ে তাইচাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক মানচাও হেৰম্ব প্ৰসাদ ফুকন আৰু তাইচাবৰ প্ৰাক্তন উপ-সভাপতি মানচাও সূৰ্য গগৈক সম্বৰ্ধনা জনায়। 

যোৰহাটত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন
যোৰহাটত কেন্দ্ৰীয় মে-ডাম-মে-ফী সম্পন্ন

 

সভাত উপস্থিত থাকে তাইচাবৰ সভাপতি মানচাও অৱনি কুমাৰ চেতিয়া, মাননাং দিপালী গগৈ বৰুৱা। উল্লেখ্য যে আজি মুকলি সভাতে তাইচাবলৈ ডাঃ বিপিন খঙীয়াই তেখেতৰ প্ৰয়াত মাতৃ ভৱানী খঙীয়াৰ সোঁৱৰণত, ডাঃ ভাস্কৰ জ্যোতি বৰুৱাই তেখেতৰ প্ৰয়াত পিতৃ ডামচাও মাধৱ চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত, সূৰ্য গগৈয়ে তেখেতৰ প্ৰয়াত মাতৃ ৰাঙলী গগৈৰ সোঁৱৰণত আৰু অৱনি কুমাৰ চেতিয়াই তেখেতৰ প্ৰয়াত মাতৃ মনোৰমা চেতিয়াৰ সোঁৱৰণত প্ৰত্যেকজনে এক লাখ টকাকৈ অনুদান আগহঢ়ায়। 

ৰাজীৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা লগে লগে মুকলি সভা সামৰণি পৰে। ইয়াৰ পাছতেই অনুষ্ঠিত হয় সমূহীয়া জ্ঞাতিভোজৰ অনুষ্ঠান আৰু সন্ধিয়ালৈ অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন অনুষ্ঠান। বন্তি প্ৰজ্বলন কৰে তাইচাবৰ সম্পাদক মানচাও দিব্যধৰ চেতিয়াই।

me dam me phi মে ডাম মে ফী