Advertisment

চেপনত আটাছুৰ উদ্যোগত কেন্দ্ৰীয় লাচিত দিৱস উদযাপন : সাদিন- প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাক সম্বৰ্ধনা

সদৌ টাই- আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, চৰাইদেউ জিলা সমতি আৰু টাই- আহেম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি তথা চেপনবাসীৰ ৰাইজৰ সহযোগত দেওবাৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
jb

ডিজিটেল ডেস্ক : সদৌ টাই- আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, চৰাইদেউ জিলা সমতি আৰু টাই- আহেম ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতি তথা চেপনবাসীৰ ৰাইজৰ সহযোগত দেওবাৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। উদ্যোক্তাই জনোৱা অনুসৰি মহাবীৰগৰাকীক সুঁৱৰি ৩দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে লাচিত দিৱস। এই ৩দিনত অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ।

Advertisment

অনুষ্ঠানৰ তৃতীয় তথা অন্তিম দিনৰ কাৰ্যসূচীত মুকলি সভা অনুষ্ঠিত কৰা হয়। লগতে লাচিত দিৱসৰ লগত সংগতি ৰাখি ‘শৰাইঘটীয়া’ শীৰ্ষক এখনি মুখপত্ৰ প্ৰকাশ কৰা হয়। গুৰু- গম্ভীৰ পৰিৱেশৰ মাজত মুখপত্ৰখনি উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক জাৰিৰ হুছেইনে।

আনহাতে উক্ত অনুষ্ঠানতে জাতি, ভাষা, সংস্কৃতিৰ বাবে ভিন্ন সময়ত শক্তিশালী আৰু মুক্ত‌মনেৰে কৰ্ম সম্পাদন কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে সাদিন- প্ৰতিদিনৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। গামোচা, জাপি, অংগবস্ত্ৰ, প্ৰশস্তিপত্ৰ আদিৰে বৰুৱাক সম্বৰ্ধনা জনায়।

সাদৰেৰে সম্বৰ্ধনা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই কয়-  হেমকোষৰ ব্ৰেইল সংস্কৰণ বিশ্ব ৰেকৰ্ডৰ উদ্দেশ্যে নাছিল। দৃষ্টিহীন ছাত্ৰ- ছাত্ৰীক অসমীয়া ভাষাটো শিকিবলৈ আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈহে প্ৰকাশ কৰা হৈছিল হেমকোষৰ ব্ৰেইল সংস্কৰণ।

লগতে তেওঁ এই কাম কৰি পৰম তৃপ্তি অনুভৱ কৰা বুলি মন্তব্য কৰে। কামৰ তৃপ্তি তেতিয়া বেছি হয়, যেতিয়া ৰাইজে তাক স্বীকৃতি প্ৰদান কৰে বুলিও তেওঁ মত ব্যক্ত কৰে। ভাষণ প্ৰসংগত লাচিত বৰফুকনৰ শৌৰ্য- বীৰ্যৰ কথাও উল্লেখ কৰে জয়ন্ত বৰুৱাই।

মুকলি সভাৰ অনুষ্ঠানত উপস্থিত থাকে সদৌ টাই- আহেম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ , মুখ্য উপদেষ্টা দুলাল বৰুৱাৰ লগতে আন বিষয়ববীয়াসকল। উল্লেখ্য যে সভাৰ পূৰ্বে টাই- আহেম ছাত্ৰ সন্থাৰ দুয়োগৰাকী অভ্যাগতক চৰাইদেউ জিলা সমিতিৰ সতীৰ্থসকলে সম্বৰ্ধনা জ্ঞাপন কৰে।

লাচিত দিৱস