ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহত গৱেষণাৰ বাবে এক বিশেষ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। সেই উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচী হ’ল- পাৰ্টনাৰশ্বিপ ফৰ এচিলাৰেটেড ইনোভেশ্বন এণ্ড ৰিচাৰ্ছ প্ৰ’গ্ৰাম চমুকৈ পি এ আই আৰ।
সমগ্ৰ দেশজুৰি শীৰ্ষ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰ ভিত্তিত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অনসন্ধান নেচনেল ৰিচাৰ্ছ ফাউণ্ডেশ্বনৰ গ’ভৰ্নিং ব’ৰ্ডৰ বৈঠকত ২০২৪ৰ ছেপ্তেম্বৰত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই বৈঠকত অধ্যক্ষতা কৰা মোডীয়ে এনে এক কাৰ্যসূচীৰ কথা পোষকতা কৰিছে।
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এক বিবৃতিৰ জৰিয়তে জনাই যে এই কাৰ্যসূচীৰ জৰিয়তে পদ্ধতিগত গৱেষণাৰ এক পৰিকাঠামোৰ জৰিয়তে বৃদ্ধি পাব। গৱেষণাসমূহত সম্পদ আৰু বিশেষজ্ঞৰ সুপ্ৰয়োগ আৰু গৱেষকসকলৰ এক সবল নেটৱৰ্কৰ জৰিয়তে ই গৱেষণাক্ষেত্ৰখনলৈ নতুন মাত্ৰা প্ৰদান কৰিব।
প্ৰতিটো পি এ আই আৰ নেটৱৰ্কত এটা হাব ৭টালৈকে উদীয়মাণ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান থাকিব আৰু ইয়াৰ বিভাগীয় অধ্যাপকসকলে এক দল হিচাপে কাম কৰিব। প্ৰথম পৰ্যায়ত এই কাৰ্যসূচীৰ ২৫টা শীৰ্ষ এন আই আৰ এফ প্ৰতিষ্ঠানত অন্তৰ্ভূক্ত কৰা হ’ব। ইয়াৰ উপৰিও নিৰ্বাচিত কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ, ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান, আই আই আই টি এই হাবত অন্তৰ্ভূক্ত কৰা হ’ব।