আইন অমান্য কৰিলেই জেইল! ভাৰতত ২০ ডিগ্ৰীৰ তলত চলাব নোৱাৰিব AC

এতিয়াৰে আপোনাৰ মনে বিচৰা ধৰণে এ চি ব্যৱহাৰ কৰিব নোৱাৰিব। এ চি ব্যৱহাৰক লৈ ভাৰত চৰকাৰে অচিৰেই আনিব এখন নতুন আইন। এই আইন অনুসৰি প্ৰচণ্ড গৰমতো

New Update
likjdd
ডিজিটেল ডেস্কঃ এতিয়াৰে আপোনাৰ মনে বিচৰা ধৰণে এ চি ব্যৱহাৰ কৰিব নোৱাৰিব। এ চি ব্যৱহাৰক লৈ ভাৰত চৰকাৰে অচিৰেই আনিব এখন নতুন আইন। এই আইন অনুসৰি প্ৰচণ্ড গৰমতো ২০ ডিগ্ৰীৰ তলত চলাব নোৱাৰিব AC । বিদ্যুত সংৰক্ষণ আৰু পৰিৱেশ সন্তোলন বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। 
কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনাৰ কথা শেহতীয়াকৈ সদৰি কৰিছে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে। ২০৪৭ ভিতৰত প্ৰধানমন্ত্ৰী মোডীয়ে যি ভিছন স্থিৰ কৰিছে, তাক সম্পূৰ্ণ কৰিবলৈ এনে কিছু প্ৰদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এ চি ব্যৱহাৰ কৰোতে সৰ্বনিম্ন ২০ডিগ্ৰী আৰু ঠাণ্ডা দিনৰ সময়ত ২৮ডিগ্ৰীতকৈ ওপৰত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হব।  এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতে এতিয়া এনে প্ৰদক্ষেপ গ্ৰহণ কৰিছে যদিও উন্নত দেশসমূহত এ চি ব্যৱহাৰৰ ক্ষেত্ৰত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰা হৈয়ে আছে। জাপানত ২৬ডিগ্ৰী, ইটালীত ২৩ডিগ্ৰীৰ তলত এ চি ব্যৱহাৰত বাধা আছে। 
ভাৰত