বাকী থাকিল কেৱল বতাহ ! ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰ কৰিলেও দিব লাগিব কৰ...

পানীৰ বাবেই মহানগৰবাসীয়ে দিব লাগিব ৩ টা ভিন্ন কৰ...

author-image
Asomiya Pratidin
New Update
বাকী থাকিল কেৱল বতাহ ! ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰ কৰিলেও দিব লাগিব কৰ...

water tax

ডিজিটেল ডেস্কঃ ন ন আঁচনিৰে হিতাধিকাৰী সৃষ্টি কৰি কেন্দ্ৰীয় চৰকাৰে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি অহাৰ সময়তে দেশৰ আৰ্থিক অৱস্থা যে জুৰুলা হৈ পৰিছে সেই কথা প্ৰমাণ হৈছে।

Advertisment

এনে আৰ্থিক জুৰুলা পৰিস্থিতিত চৰকাৰে ৰাজহৰ বাবে এফালৰ পৰা সৰ্বসাধাৰণৰ ওপৰত জাপি দিছে বিভিন্ন ধৰণৰ কৰ। নিত্য নতুন কৰৰ বোজা বহন কৰি দেশবাসী জুৰুলা হৈ পৰাৰ সময়তে এতিয়া আকৌ ভূ-গৰ্ভৰ পানীৰ ওপৰতো কৰ জাপি দিবলৈ বিচাৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ ভূ-জল প্ৰাধিকৰণে শেহতীয়াকৈ জাৰি কৰা এক নিৰ্দেশনাই এই কথা স্পষ্ট কৰিছে। প্ৰাধিকৰণে ভূ-গৰ্ভৰ পানী ব্যৱহাৰকাৰীয়ে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰক কৰ দিব লাগিব বুলি উল্লেখ কৰিছে। ইয়াৰ ফলত ভূ-গৰ্ভৰ পানীৰ ওপৰত যে সাধাৰণ লোকৰ অধিকাৰ নাথাকিব সেই কথা স্পষ্ট হৈছে।

প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি আৱাসিক এপাৰ্টমেণ্ট, হাউচিং ছ'চাইটি, চৰকাৰী পানী যোগান সংস্থা, নগৰ অঞ্চলৰ পানী যোগান ধৰোঁতা, ঘৰুৱা ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় চৰকাৰক দিব লাগিব এক কৰ। অন্যথা ১ লাখ টকা পৰ্যন্ত জৰিমণাৰ সন্মুখীন হ'ব লাগিব।

কোনে কিমান পানী ব্যৱহাৰ কৰিলে সেই বিষয়ে তথ্য প্ৰাপ্তৰ বাবে মিটাৰৰ ব্যৱস্থা কৰা হ'ব বুলিও নিৰ্দেশনাত উল্লেখ কৰিছে। মিটাৰ ৰিডিংৰ জৰিয়তে কোনে কিমান পানী ব্যৱহাৰ কৰিলে সেই অনুপাতে কৰ আদায় দিব লাগিব।

কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা এই নিৰ্দেশনাৰ আৰ্হিতে অসম চৰকাৰৰ ভূ-জল নিয়ন্ত্ৰণ আৰু নিয়ামক আইন ২০১২ আৰু পৌৰসভাৰ পানীৰ কৰ আৰোপ কৰা হৈছে। বৰ্তমানে গুৱাহাটীবাসীয়ে পানীৰ বাবেই দুটাকৈ কৰ পৰিশোধ কৰি আহিছে। নতুনকৈ পুনৰ কেন্দ্ৰীয় চৰকাৰে কৰ আৰোপ কৰাত এতিয়া পানীৰ নামত মুঠ কৰ তিনিটালৈ বৃদ্ধি পালে। এই কথা এক সংবাদ মেলৰ জৰিয়তে 'আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েচন'ৰ সভাপতি পি কে শৰ্মাই সদৰী কৰিছে।

নতুনকৈ জাৰি কৰা এই কৰৰ ফলত এতিয়া গুৱাহাটী মহানগৰবাসীয়ে পানীৰ বাবেই মুঠ ৩ টাকৈ কৰ পৰিশোধ কৰিব লাগিব। ইতিমধ্যে মহানগৰবাসীয়ে জি এম চিক কৰ পৰিশোধ কৰি অহাৰ লগতে ৰাজ্য চৰকাৰকো কৰ পৰিশোধ কৰি আছে। এতিয়া কেন্দ্ৰীয় চৰকাৰকো কৰ পৰিশোধ কৰিবলগীয়া হোৱাৰ কথা প্ৰকাশ পোৱাত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

guwahati water tax